ETV Bharat / state

অসমীয়াৰ স্বাভিমান গামোচাক অপমান; ভিডিঅ’ ভাইৰেল

author img

By

Published : Aug 25, 2021, 6:09 PM IST

Updated : Aug 25, 2021, 6:57 PM IST

অসমীয়াৰ স্বাভিমান গমোচাক অপমান
অসমীয়াৰ স্বাভিমান গমোচাক অপমান

গামোচা মানে কি জানেনে ৷ গামোচা মানে হ’ল এনিমেল অৰ্থাৎ জন্তু ৷ এই বৰ্ণনা আগবঢ়াইছে এগৰাকী শিক্ষকে ৷ কিন্তু কিয় জানিবলৈ হ‘লে পঢ়ক এই প্ৰতিবেদন...

নিউজ ডেস্ক, 25 আগষ্ট : গামোচা কি বুলি যদি কোনোবাই সোধে, সাধাৰণতে আপোনাৰ বা মোৰ মনলৈ আহিব গামোচা অসমীয়াৰ স্বাভিমান, জাতিৰ আবেগ ইত্যাদি ৷ প্ৰতিজন অসমীয়াই এই গামোচাখনক লৈ গৌৰৱ কৰে ৷ গামোচাখনে অসম জাতিৰ চিনাকীও বহন কৰি আহিছে ৷

HONOR OF ASSAM GAMUSHA INSULTED, VIDEO VIRAL
অসমীয়াৰ স্বাভিমান গামোচাক অপমান

কিন্তু এইবাৰ অসমীয়াৰ আবেগ তথা স্বাভিমানৰ প্ৰতীক গামোচাখনক বিকৃত তথা সম্পূৰ্ণ ভুলভাৱে বৰ্ণনা কৰা হৈছে ৷ যি ভিডিঅ ইতিমধ্যে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ আহকচোন জানো কেনেকৈ এগৰাকী শিক্ষকে অসমীয়াৰ স্বাভিমান গামোচা খনক বিকৃতভাৱে উপস্থান কৰিছে ৷

লগতে পঢ়ক: নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

এগৰাকী শিক্ষকে অসমীয়াৰ স্বাভিমান গামোচাখনক জীৱ-জন্তুৰ লগত তুলনা কৰিছে ৷ শিক্ষক গৰাকীয়ে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে পাঠদান কৰি থকাৰ সময়ত কয় যে, গামোচা কোন খন ৰাজ্যৰ প্ৰতীক ৷ সেই প্ৰশ্ন উত্তৰত চাৰিটাকৈ বিকল্প আছিল মানে চাৰিখন ৰাজ্যৰ নাম ৷ শিক্ষক গৰাকীয়ে গামোচাখন অসমৰ প্ৰতীক বুলি ঠিকেই উল্লেখ কৰিছিল ৷

কিন্তু অথন্তৰ লাগিল তেতিয়া এগৰাকী ছাত্ৰই শিক্ষকজনক প্ৰশ্ন কৰাত ৷ ছাৰ প্ৰকৃতে গামোচা মানে কি ৷ তেতিয়া শিক্ষক গৰাকীয়ে কয় গামোচা মানে এনিমেল অৰ্থাৎ জন্তু ৷ যি ভিডিঅ’ এতিয়া সামজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে, সামজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅটো প্ৰকৃততে কোনখন ৰাজ্যৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ একাংশ বহি ৰাজ্যৰ লোকে অসম সৰ্ম্পকে সৰ্ম্পূণ ধাৰণা নথকাকৈ বৰ্ণনা কৰিবলৈ যোৱাৰ ফলত বাৰে বাৰে বিকৃতভাৱে উপস্থাপন কৰে অসমক ৷ যি বিষয়টো এতিয়া সহজভাৱে গ্ৰহণ কৰিব পৰা নাই স্বাভিমানী অসমীয়াই ৷

লগতে পঢ়ক: জাৰ্মানীত পিজ্জা ডেলিভাৰী বয়ৰ ৰূপত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী

Last Updated :Aug 25, 2021, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.