ETV Bharat / state

যিটো দলৰ বিৰোধিতা কৰিছিল, এতিয়া তালৈ যাব ওলাইছে দীপাংক নাথ : লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 11:46 AM IST

Dipanka Nath BJP joining issue : যিটো দলৰ বিৰোধিতা কৰিছিল, এতিয়া তালৈ যাব ওলাইছে দীপাংক নাথে ৷ জাতিটোক প্ৰতাৰণা, বিশ্বাসঘাত আৰু দালালি কৰা সকলক জনতাই চাই আছে ৷ জনতাৰ শাও অথলে নাযায় । আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ বিজেপিত যোগদান কৰিবলৈ লোৱা প্ৰসংগ সন্দৰ্ভত এনে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

ex AASU president Dipanka Nath joining BJP
দীপাংক নাথৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া

দীপাংক নাথৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, 18 ডিচেম্বৰ : ‘‘আমি দীপাংক নাথক আমাৰ দললৈ আমন্ত্ৰণ জনাইছিলো ৷ পিচে তেওঁ যিটো দলৰ বিৰোধিতা কৰিছিল, সেই দলত এতিয়া যোগদান কৰিব ওলাইছে । আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰা প্ৰসংগ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

দীপাংক নাথৰ বিৰুদ্ধে ক্ষোভিত হৈ তেওঁ কয়, ‘‘জাতিটোক বিশ্বাসঘাতকতা কৰা, প্ৰতাৰণা কৰা, দালালি কৰা চৰকাৰৰ পৰা তেওঁ এতিয়া সুবিধা ল’ব । এইবোৰ চলি থাকিব । এনেকুৱা ছবি অসমৰ ৰাইজে দেখিব । অসমীয়া জাতিক লৈ আমাৰ আদৰ্শ সদায় অলৰ অটল । জাতিটোক প্ৰতাৰণা কৰা, বিশ্বাস ঘাটকটা কৰা আৰু দালালি কৰা সকলক জনতাই দেখি আছে ৷ জনতাৰ শাও অথলে নাযায়’’ ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দল শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে চৰ্চালৈ চলিছে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰাৰ প্ৰসংগ ৷ দীপাংক নাথে বিজেপিত যোগদান কৰিবলৈ ওলোৱা বাতৰি চৰ্চালৈ অৰহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কিয়নো আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কা আন্দোলনৰ পাচতে জন্মলাভ কৰা অসম জাতীয় পৰিষদ গঠনত অৱদান আগবঢ়াইছিল ।

অসম জাতীয় পৰিষদে দীপাংক নাথক আছু ত্যাগ কৰাৰ পাচতে অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ এটা বছৰৰ পূৰ্বে পত্ৰও প্ৰেৰণ কৰিছিল । কিন্তু আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বিজেপিত যোগদান কৰিব বুলি হোৱা ওলোৱা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : দীপাংক নাথে বিজেপিত যোগদান কৰিলে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক বুলি পৰিচয় পাব : দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.