দীপাংক নাথে বিজেপিত যোগদান কৰিলে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক বুলি পৰিচয় পাব : দুলু আহমেদ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 1:49 PM IST

thumbnail

ৰঙিয়া, 14 ডিচেম্বৰ : ‘‘যদিহে দীপাংক নাথে বিজেপিত যোগদান কৰে, তেতিয়াহ’লে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক ব্যক্তি বুলি পৰিচয় লাভ কৰিব । আৰম্ভণিতে তেৱেঁই অসমৰ জনগণৰ স্বাৰ্থৰ বাবে এটা আঞ্চলিক দল গঠনৰ বাবে আহ্বান জনাইছিল । তাৰ পিচতেই অসম জাতীয় পৰিষদৰ গঠন হৈছিল । অসমৰ স্বাৰ্থৰ খাতিৰত বিভিন্ন দলৰ বহু লোকে আহি অসম জাতীয় পৰিষদত যোগদান কৰিছিল । কিন্তু এতিয়া জাতীয়তাবাদী আদৰ্শৰ সম্পূৰ্ণ বিপৰীত নীতি মানি চলা বিজেপি দলত যদি নেতাগৰাকীয়ে যোগান কৰে অসমৰ ৰাইজে তেওঁক বিশ্বাসঘাতক বুলিয়েই চিহ্নিত কৰিব ৷’’ এই মন্তব্য অসম জাতীয় পৰিষদৰ সদস্য দুলু আহমেদৰ ৷

অসমত আকৌ ‘কা’ৰ বিষয়টো উত্থাপন হোৱাৰ পিচত অসম জাতীয় পৰিষদৰ সদস্য দুলু আহমেদে বিষয়টো সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে । তেওঁ কয়, ‘‘কা বলৱৎ হ’ব বুলি কৈ বিজেপিয়ে চৰকাৰ গঠন কৰিলে । এই ৰাজনৈতিক বিষয়টো সম্পূৰ্ণ সুকীয়া । কিন্তু অসমৰ জনগণে প্ৰথমৰ পৰাই ‘কা’ৰ বিৰোধিতা কৰি অহাৰ লগতে ‘কা’ৰ বিৰুদ্ধে আন্দোলন প্ৰতিবাদ কৰি আহিছে ৷ এই ক্ষেত্ৰত অসমৰ আন আন দলৰ দৰে অসম জাতীয় পৰিষদো সদায় অসমীয়া ৰাইজৰ কাষত থাকিব’’ ।  

লগতে পঢ়ক : ছালফা নেতা সন্দৰ্ভত কথা কৈ শত্ৰু চপাই নলওঁ: দুলু আহমেদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.