ETV Bharat / state

ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:37 PM IST

Lurinjyoti Gogoi inspects flood erosion
বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ

ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে লুৰীণজ্যোতি গগৈয়ে ৷ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় গগৈয়ে ৷

বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ

ডিব্ৰুগড়, 12 অক্টোবৰ : ডিব্ৰুগড়ৰ মোহনাঘাটত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি । মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ যোৱা কেইবাদিনো ধৰি অব্যাহত থকা খহনীয়াত কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে আন 70 টা পৰিয়ালক স্থানান্তৰিত কৰা হৈছে ।

খৰালিতো ডিব্ৰুগড় চহৰত ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল । ইয়াৰ সমান্তৰালভাৱে বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । আজি অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মোহনাঘাটত হৈ থকা ভয়াৱহ গৰাখহনীয়া পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

ডিব্ৰুগড় নগৰৰ মূল ৰক্ষা কবচ ডিব্ৰুগড় সুৰক্ষা বান্ধত খুন্দা মাৰিলে ব্ৰহ্মপুত্ৰ নৈয়ে । জিঅ’ বেগেৰে খহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ । কিন্তু এইক্ষেত্ৰত ইমানেই যথেষ্ট নহয় পাৰ্কুপাইন আৰু জিঅ’ বেগে ডিব্ৰুগড়ৰ মোহনাঘাটৰ খহনীয়াৰ ৰোধ কৰিব নোৱাৰে, সেই কথা প্ৰমাণ হৈছে ৷ গতিকে আধুনিক প্ৰযুক্তিৰ সহায়ত খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ দাবী প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ।

ডিব্ৰুগড়ৰ গৰাখহনীয়াক স্থায়ী সমাধান কৰি বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী উত্থাপন কৰিছে গগৈয়ে । অন্যহাতে, চৰকাৰে যেনেদৰে বিজ্ঞান সন্মতভাৱে আধুনিকভাৱে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগিছিল তেনেদৰে নকৰা বাবেই ডিব্ৰুগড়ত খহনীয়া ৰোধত ব্যৰ্থ হোৱা বুলি কয় লুৰীণজ্যোতি গগৈয়ে ।

উল্লেখযোগ্য যে, মোহনাঘাটত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ কৰিছিল দুটামান দিনৰ পূৰ্বে ভুক্তভোগী ৰাইজে । মোহনাঘাটৰ খহনীয়াৰ প্ৰকোপ অতি ভয়ংকৰ যদিও কেৱল কিছু জিঅ’ বেগ দি গৰাখহনীয়া ৰোধৰ চেষ্টা কৰিছে জলসম্পদ বিভাগৰ কৰ্মীসকলে । এই ভয়ংকৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ।

খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিচিহ্ন হোৱাটো নিশ্চিত হৈছে । সেয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিও ডিব্ৰুগড়ৰ মোহনাঘাটৰ ৰাইজে আহ্বান জনাইছিল চৰকাৰক । ঐতিহাসিক ডিব্ৰুগড় চহৰ ৰক্ষাৰ বাবে চৰকাৰে কি স্থায়ী পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত হে পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক : Protest against Amguri JJM Scheme : আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি, ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.