Protest against Amguri JJM Scheme : আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি, ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 12:47 PM IST

thumbnail

আমগুৰি, ১২ অক্টোবৰ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত নামিল আমগুৰিবাসী ৷ আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বৰশয়ক ডিব্ৰুৱালত অৱস্থিত কুমাৰ চুক পানী যোগান আঁচনি ৰূপায়ণত ঠিকাদাৰে আশ্ৰয় লৈছে দুৰ্নীতিৰ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, ঠিকাদাৰ প্ৰতিষ্ঠান হাইটেক ইণ্ডাষ্ট্ৰীজে জি আই পাইপৰ সলনি প্লাষ্টিকৰ পাইপ ব্যৱহাৰ কৰিছে ৷ লগতে পানী পৰিবাহী পাইপৰ বিভিন্ন অংশত লিকেজো হৈছে ৷ কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ প্ৰতিবাদী ৰাইজৰ ৷

আনকি বৰ্তমান পৰ্যন্ত বহু পৰিয়ালে পানীৰ ঘৰুৱা সংযোগ লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানে বৰাহীবাৰী গাঁও পঞ্চায়তক কুমাৰ চুক পানীযোগান আঁচনি হস্তান্তৰ কৰিবলৈ বিচাৰিছে ৷

এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ সেয়ে প্ৰতিবাদী ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ লগতে ঠিকাদাৰৰ মইমতালি নচলিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়, জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি নচলিব আদি শ্ল’গান দি স্থানীয় লোকে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Memorandum to Governor : কাৰ্বি আংলঙৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.