ETV Bharat / state

Memorandum to Governor : কাৰ্বি আংলঙৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 11:55 AM IST

Memorandum to Governor
1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্ত কৰিব লাগে ৰাজ্যপালে ৷ সেয়ে 11 অক্টোবৰৰ দিনা ৰাজ্যপালক সাক্ষাৎ কৰি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, 12 অক্টোবৰ : দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত অঞ্চলত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে ৷ এই অভিযোগ কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰ ছায়াতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলীৰাম ৰংহাংয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত অঞ্চলত ব্যাপক দুৰ্নীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে শইকীয়াই ।

Memorandum to Governor
1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী
Memorandum to GovernorMemorandum to Governor
দুৰ্নীতিৰ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ

শেহতীয়াকৈ আকৌ বিৰোধী দলৰ দলপতিগৰাকীয়ে কাৰ্বি আংলঙত চলি থকা দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে ৰাজ্যপালগৰাকীৰ হস্তক্ষেপ বিচাৰিছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত অঞ্চলত সংঘটিত হৈ থকা সকলো দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে 11 অক্টোবৰৰ দিনা ৰাজ্যপালক সাক্ষাৎ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।

লগতে তেওঁ নিজে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি সংবাদ মাধ্যমলৈ এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে ৷

শইকীয়াই কয়, ‘‘সংবিধান অনুসৰি আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হৈছে এটা স্বায়ত্তশাসিত অঞ্চল ৷ ইয়াৰ কাৰ্য পৰিচালনা ৰাজ্যপালৰ জৰিয়তে হয় 6 নং অনুচ্ছেদৰ 18 নং দফাৰ 2 আৰু 3 অধিনিয়ম অনুসৰি ৷ স্বায়ত্তশাসিত অঞ্চলৰ যিসকল জনজাতি, তেখেতসকলৰ উন্নয়ণমূল কাম-কাজসমূহৰ লগতে উন্নয়ণমূলক দিশটো চোৱাৰ দায়িত্ব ৰাজ্যপালৰ ৷ সেয়ে অসমৰ ৰাইজৰ স্বাৰ্থত জনজাতি অঞ্চলৰ ৰাইজৰ ভূমি, অধিকাৰ আদিৰ ওপৰত তদন্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে’’ ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত অঞ্চলৰ 1000 বিঘা ভূমি পৰ্যটন উদ্যোগ গঢ়াৰ নামত মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নামত অনুমোদন হোৱা উন্নয়নমূলক কাম-কাজবোৰ পৰিষদৰ মুৰব্বী তুলীৰাম ৰংহাঙৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ব্যক্তিসকলৰ মাজত বিতৰণ কৰা হৈছে ৷ এই অভিযোগ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷

এইবোৰৰ উপৰিও তেওঁ আৰু অভিযোগ উত্থাপন কৰি কয়, ‘‘বহু কেইটা প্ৰজেক্ট(প্ৰকল্প) ইতিমধ্যে আন আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা স্বত্বেও পুনৰ একে কামৰ নামত নতুনকৈ চৰকাৰী ধন আবণ্টন কৰা হৈছে কাৰ্বি আংলঙত দেখা গৈছে ।

লগতে পঢ়ক : Arunodaya card distribution : বিশ্বনাথত অৰুণোদয় ২.০ ৰ শুভ উদ্বোধন সাংসদ পল্লৱলোচন দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.