ETV Bharat / state

Protest in tea estate in Dibrugarh:শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত উত্তাল ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচা

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:59 PM IST

Assam Chah Mazdoor Sangh protest in Dibrugarh
চেঁচা চাহ বাগিচাত প্ৰতিবাদ

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাত উত্তাল প্ৰতিবাদ । চেঁচা চাহ বাগিচাৰ পৰিচালকে স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ।

চেঁচা চাহ বাগিচাত প্ৰতিবাদ

মৰাণ, ২৬ আগষ্ট :চাহ বাগিচা শ্ৰমিকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত চাহ বাগিচাই বাগিচাই প্ৰতিদিনে শ্ৰমিকে কৰিছে তীব্ৰ প্ৰতিবাদ । নিবাৰ্চনৰ সময় চমু চাপি অহাৰ লগে লগে শাসক দলৰ নেতা-মন্ত্ৰীয়ে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ কথা কৈ থকা পৰিলক্ষিত হৈছে যদিও কাৰ্যতঃ কিমান উন্নত হৈছে চাহ বাগিচাৰ শ্ৰমিক জীৱনৰ মান তাক লৈ চলিছে চৰ্চা । শনিবাৰে ডিব্ৰুগড় জিলাৰ চেঁচা চাহ বাগিচাত অসম চাহ জনজাতি ছাত্র সন্থাৰ নেতৃত্বত শতাধিক শ্ৰমিকে প্ৰাপ্য়ৰ দাবীত জনালে প্ৰতিবাদ ।

সমস্যাৰে জৰ্জৰিত শ্ৰমিক ৰাইজে এতিয়া, বাগিচাই বাগিচাই আৰম্ভ কৰিছে প্ৰতিবাদ । আজি ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাত অসম চাহ জনজাতি ছাত্র সন্থাৰ ডিব্ৰুগড় শাখা, জকাই উপ-শাখা, অসম চাহ মজদুৰ সংঘ চেঁচা চাহ বাগিচা প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু চেঁচা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চেঁচা চাহ বাগিচাৰ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:TMCH water crisis news: তিনিদিন ধৰি খোৱা পানীৰ সংকটত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

জিলাখন চেঁচা চাহ বাগিচাৰ পৰিচালকে দীৰ্ঘদিন ধৰি চেঁচা চাহ বাগিচাৰ শ্ৰমিক সকলক ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাৰ লগতে একপ্ৰকাৰে স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্রমিক সকলে । বাগিচাত খালি হৈ থকা পদসমূহ স্থানীয় শিক্ষিত যুৱক-যুৱতীৰ দ্বাৰা পূৰণ কৰা,শ্ৰমিক সকলৰ বাবে উপযুক্ত আবাস গৃহ নিৰ্মাণ কৰা,সময়ত মজুৰি প্ৰদান কৰা,বাগিচাৰ চিকিৎসা ব্যৱস্থা উন্নত কৰা আদি সমস্যাসমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবীত শ্ৰমিক সকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে । সমস্যাসমূহ শীঘ্ৰে পূৰণ নকৰিলে বাগিচাৰ পৰিচালকক পদৰ পৰা অব্যাহতি দিয়াৰো দাবী উত্থাপন কৰিছে স্থানীয় শ্ৰমিকসকলে ।

লগতে পঢ়ক:Shah Rukh Khan: ‘ট্ৰেইলাৰ নেহি আয়েগা তো পিকচাৰ নেহি দেখোগে ক্যা’ ? অনুৰাগীৰ প্ৰশ্নৰ কিয় এনেদৰে উত্তৰ দিলে শ্বাহৰুখে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.