ETV Bharat / state

TMCH water crisis news: তিনিদিন ধৰি খোৱা পানীৰ সংকটত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 4:36 PM IST

water crisis in TMCH since last three days
দেখা দিছে খোৱাপানীৰ সংকটে

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেখা দিছে খোৱাপানীৰ সংকটে ৷ পানী বিচাৰি হাহাকাৰ কৰি ফুৰিছে সকলোৱে ৷

দেখা দিছে খোৱাপানীৰ সংকটে

তেজপুৰ, ২৬ আগষ্ট : তিনিদিন ধৰি খোৱা পানীৰ সংকটত ভূগিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিগৰাকী । চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া খোৱা পানীৰ বাবে হাহাকাৰ কৰি উঠিছে ৷ এই সংকট মষিমূৰ কৰিবলৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন চৰকাৰী সংস্থা ভাৰতীয় সেনা বাহিনী, এছ এছ বি আৰু আই টি বি পি ৰ তৰফৰ পৰা পানী যোগান ধৰি আহিছে ৷

দৰাচলতে তেজপুৰৰ তুমুকিত থকা এই চিকিৎসা মহাবিদ্যালয়খনলৈ পানী যোগান ধৰা মূল পানীৰ পাইপডাল তেজপুৰ ডিপোতাত ভাঙি যোৱাৰ ফলত যোৱা বৃহস্পতিবাৰৰ পৰা আজিলৈকে পানীৰ সংকটত ভুগিছে ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে চিকিৎসকসকলে । চিকিৎসা মহাবিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় এহেজাৰ । এই সকলৰ ভিতৰত নতুন ছাত্ৰ-ছাত্ৰী, পি জিৰ ছাত্ৰ-ছাত্ৰী, ইণ্টাৰ্ণসকল আছে ।

চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষকে জনোৱা মতে সেনা, এছ এছ বি, তেজপুৰ পৌৰ সভা আৰু চতিয়া সমষ্টিৰ বিভিন্ন চাহ বাগিচাৰ পৰা খোৱা পানী যোগান ধৰা হৈছে । চিকিৎসালয়খনত দৈনিক ৬০০ ৰোগী চিকিৎসাৰ বাবে ভৰ্তি থাকে আৰু ইয়াৰ উপৰিও চিকিৎসক, নাৰ্চৰ আৱাস গৃহ, ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল সকলো ঠাইতে এতিয়া খোৱা পানীৰ অভাৱৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । উপ-অধীক্ষকগৰাকীয়ে জনায় যে ভাঙি যোৱা পানীৰ পাইপৰ মেৰামতি আজি নিশাৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ যোগান ধৰা পানীৰ এই পাইপ তেজপুৰ চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগত দেৱী সিং ঘাটত নিৰ্মাণ কৰা হৈছে আৰু এই অঞ্চলৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰায় ১৭ কিলোমিটাৰ দূৰত্বলৈ প্ৰকাণ্ড পাইপৰে কঢ়িয়াই নিয়া হৈছে । ফলস্বৰূপে দূৰত্ব অধিক হোৱাৰ ফলত এই বিসংগতিয়ে দেখা দিছে বুলি অনুমান কৰা হৈছে ।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল যাৰ ২০০৮ চনত আধাৰশিলা স্থাপন কৰিছিল দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে আৰু ২০১৩ চনত ৰাইজৰ বাবে মুকলি কৰা হৈছিল । ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা পানী নিষ্কাষণ কৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়াৰ পৰিৱৰ্তে সমীপতে থকা ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা এই বৃহৎ পানী যোগান আঁচনি প্ৰস্তুত কৰা হ’লে চিকিৎসা সেৱা তথা শিক্ষাৰ লগত জড়িত অনুষ্ঠানখন এনেধৰণৰ সংকটৰ সন্মুখীন নহ’লহেতেন বুলি মত প্ৰকাশ কৰিছে সকলোৱে ।

লগতে পঢ়ক : Aditya-L1 Mission: ইছৰোৰ সূৰ্য অভিযানৰে জড়িত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.