ETV Bharat / entertainment

Shah Rukh Khan: ‘ট্ৰেইলাৰ নেহি আয়েগা তো পিকচাৰ নেহি দেখোগে ক্যা’ ? অনুৰাগীৰ প্ৰশ্নৰ কিয় এনেদৰে উত্তৰ দিলে শ্বাহৰুখে!

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 6:27 PM IST

#AskSRK অধিবেশনৰ সময়ত শ্বাহৰুখ খানে নিশ্চিত কৰে যে তেওঁৰ আগন্তুক ছবি জৱানৰ ট্ৰেইলাৰ মুক্তিলাভ কৰিব । ভাৰতত অতি সোনকালে ছবিখনৰ এডভান্স বুকিং আৰম্ভ হ’ব বুলিও তেওঁ অৱগত কৰে । খানে অনুৰাগীসকলক আশ্বাস দিয়ে যে সকলো বয়সৰ লোকে ছবিখন চাব পাৰিব । ছবিখনক মহিলাৰ ওপৰত নিৰ্মিত আৰু পুৰুষৰ বাবে নিৰ্মিত বুলি অভিহিত কৰে । ইয়াৰ উপৰিও জাৰ্মানীৰ আটাইতকৈ ডাঙৰ আইমেক্স পৰ্দাত জৱানৰ বিশেষ প্ৰদৰ্শনী হ’ব বুলিও খবৰ প্ৰকাশ পাইছে ।

Shah Rukh Khan
ট্ৰেইলাৰ নেহি আয়েগা তো পিকচাৰ নেহি দেখোগে ক্যা

চিটাৰা ডেস্ক, 26 আগষ্ট: জৱান মুক্তি পাবলৈ মাত্ৰ বাৰ দিন বাকী থকা অৱস্থাত শ্বাহৰুখ খানে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ বাবে আন এক #AskSRK অধিবেশন আয়োজন কৰে । অনুৰাগীৰ সৈতে এই স্পষ্ট আড্ডাৰ সময়ত ছুপাৰষ্টাৰগৰাকীয়ে নিশ্চিত কৰে যে তেওঁ ছবিখনৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিব ।

পৰম্পৰাক পৰিহাৰ কৰি শ্বাহৰুখে সাধাৰণ টিজাৰ ট্ৰেইলাৰ বা ট্ৰেইলাৰ লঞ্চৰ পৰিৱৰ্তে জৱানৰ প্ৰিভিউ মুকলি কৰাৰ পথ বাছি লৈছিল । এতিয়া অভিনেতাজনে নিশ্চিত কৰিছে যে অতি সোনকালে এটা ট্ৰেইলাৰ মুকলি কৰা হ’ব । তেওঁ টুইটাৰযোগে কয় যে "এতিয়া ৰেডি... নতুন গান এটা মুক্তি হ’ব নে ট্ৰেইলাৰ দিব সেইটো সিদ্ধান্ত ল'ব পৰা নাই..." কিংগ খানে ছবিখনৰ মুক্তিৰ পূৰ্বে আজি Ask SRKৰ জৰিয়তে টুইটযোগে অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ।

যেতিয়া আন এজন অনুৰাগীয়ে ছুপাৰষ্টাৰগৰাকীক সুধিলে, "ছাৰ ট্ৰেইলাৰ কব আয়েগা বতা দো প্লিজ?" লগে লগে তেওঁ প্ৰশ্নৰ উত্তৰ দি ক'লে, "ট্ৰেইলাৰ নহি আয়েগা তো পিকচাৰ নহি দেখোগে ক্যা??!! ট্ৰেইলাৰ ট্ৰেইলাৰ ট্ৰেইলাৰ হা হা । আ জায়েগা ভাই সাস তো লেলে...!"

ভাৰতত কিয় এডভাঞ্চ বুকিং বন্ধ কৰি ৰাখিছে সেই কথা বুজাই দি তেওঁ কয় যে, "সকলোৱে মাহৰ দৰমহা পাবলৈ অপেক্ষা কৰি আছে না! হা হা সমগ্ৰ পৰিয়ালে #জৱান চাবলৈ গৈ আছে ন ?"

সকলো বয়সৰ লোকে তেওঁৰ ছবিখন চাব পাৰিব নেকি বুলি সোধাত অভিনেতাগৰাকীয়ে আশ্বাস দিয়ে যে, "শিশুৰ পৰা বৃদ্ধলৈকে বিশেষকৈ #যুৱতীসকলেও চাব পাৰিব!!"

অভিনেতাগৰাকীয়ে ছবিখনৰ কাহিনীকো উদ্দেশ্য কৰি কয় যে, ছবিখনক বৰ্ণনা কৰিবলৈ যদি এটা শব্দ থাকে তেন্তে সেয়া হ’ব ‘মহিলা’। তেওঁ লগতে কয়, "চিনেমাখনক পৰিচালিত কৰা এটা শব্দ হ'ল 'মহিলা', এইখন পুৰুষৰ বাবে নিৰ্মিত মহিলাৰ ওপৰত আধাৰিত ছবি!! আশাকৰোঁ সকলো শ্ৰেণীৰ জনতাই এই ছবিখন উপভোগ কৰিব..."

  • No tease, the one word that drives the movie is ‘Women’ it’s a film about women made for men!! Hope all like the Mass and Class….#Jawan https://t.co/FTKQhS7CyT

    — Shah Rukh Khan (@iamsrk) August 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্যে যে, অতি শীঘ্ৰেই দৰ্শকৰ মাজলৈ আহি আছে দক্ষিণ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক এটলীৰ দ্বাৰা নিৰ্মিত জৱান য’ত শ্বাহৰুখ খানক বিভিন্ন অৱতাৰত দেখিবলৈ পোৱা যাব ৷ লগতে ছবিখনত অভিনয় কৰিছে সেতুপথি, প্ৰিয়মণি, সান্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰাই ৷ তাৰ লগতে দীপিকা পাডুকনেও এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Amul Cartoon: আমুলৰ পোষ্টাৰত বাওঁফালে থকা অভিনেত্ৰীগৰাকীক চিনি পাইছেনে ? বৰ্তমান তেওঁ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.