ETV Bharat / state

ছাইবাৰ অপৰাধীৰ চক্ৰান্তৰ বলি হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক

author img

By

Published : Sep 3, 2021, 6:09 PM IST

অচিনাকী ফেচবুক ফ্ৰেণ্ড ৰিকুৱেষ্ট অথবা হোৱাটচ্ এপ ভিডিঅ’ কলৰ পৰা সাৱধান ৷ হেৰুৱাব পাৰে মান-ধন সৰ্বস্ব ৷ এইগৰাকী সাংবাদিকৰ লগতো তেনেকুৱাই হৈছে ৷

Cyber crime of Dibrugarh
ছাইবাৰ অপৰাধীৰ চক্ৰান্তৰ বলি হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক

মৰাণ, 3 ছেপ্টেম্বৰ : এইবাৰ ছাইবাৰ অপৰাধীৰ চক্ৰান্তৰ বলি হ'বলগীয়া হ'ল জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ । ৰাজস্থানৰ বুলি নিজকে উল্লেখ কৰা এটা দুষ্ট চক্ৰই প্ৰথমে সাধাৰণতে অন্য লোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিওৱাৰ দৰে এটা মেছেজ দিয়ে নেওগক ৷ তাৰ দ্বাৰা চিনাকী হৈ চানিয়া শৰ্মাৰ নামলৈ যোৱা ২৮ আগষ্টত প্ৰথমে বিচাৰিলে হোৱাটচ্‌ এপ নম্বৰ ।

তাৰ পাছতেই এটা ভিডিঅ' কল আহে সাংবাদিকজনৰ হোৱাটচ্‌ এপৰ নম্বৰটোলৈ ৷ সেইটো কলটো ৰিচিভ কৰাৰ লগে লগে সাংবাদিকজনে দেখা পালে তাত আছিল এটা অশ্লীল ভিডিঅ'ৰ ছবি । সাংবাদিকজনৰ ভিডিঅ' কলৰ বিশেষ অভিজ্ঞতা নথকাত কলটো বিছিন্ন কৰি দিয়ে ।

লগে লগে সাংবাদিকজনে দুষ্ট চক্ৰটোৰ সৈতে হোৱা মেছেজ সমূহ হোৱাটচ্‌ এপৰ পৰা নোহোৱা কৰি দিয়ে । পিছদিনা আবেলি পুনৰ এটা অচিনাকী ফোনৰ পৰা এটা ভিডিঅ কল আহে আৰু দেখা গ'ল তেতিয়াও এটা বেলেগ ধৰণৰ অশ্লীল ভিডিঅ’ৰ ছবি । ভিডিঅ’ কলটো ৰিচিভ কৰিয়েই অশ্লীল ছবি দেখি মাত্ৰ কেই চেকেণ্ড মান সময়ৰ পাছতেই সেই একে দুষ্ট চক্ৰৰ চক্ৰান্তৰ উমান পাই হোৱাটচ্‌ এপত থকা সকলো মেছেজৰ লগতে ফোনৰ যোগাযোগ থকা নম্বৰটোও ব্লক কৰি বিচ্ছিন্ন কৰি দিয়া হয় ।

ছাইবাৰ অপৰাধীৰ চক্ৰান্তৰ বলি হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক

কিন্তু আচাৰ্যজনক ভাৱে লগে লগেই মোবাইলত থকা সাংবাদিকজনৰ মুখমণ্ডলৰ ফটোখন উক্ত অশ্লীল ছৱিৰ লগত সংযোগ কৰি এটা মেছেজ দিয়ে দুষ্ট চক্ৰই ৷ তাত লিখা আছিল যে, ডিলিট কৰি দিলেও চক্ৰটোৰ হাতত এইয়া প্ৰমান থাকি গ'ল আৰু এইবোৰ যদি সকলো সামাজিক মাধ্যমৰ যোগে ভাইৰেল কৰি দিব নেলাগে তেন্তে তিনি হেজাৰ এশ পঞ্চাশ টকা তেওঁলোকে পঠিওৱা এটা বেংক একাউণ্টত ভৰাই দিব লাগে ।

উল্লেখযোগ্য যে, টকা বিচাৰি ভাবুকি দিয়াৰ সকলো কথা বতৰা মোবাইলটোতে বাণীবদ্ধ কৰি থৈ দিয়া বুলি সাংবাদিকজনে জানিবলৈ দিছে । লগে লগেই দুষ্ট চক্ৰটোৰ এই চক্ৰান্তৰ সবিশেষ সাংবাদিকজনে উক্ত বাণীবদ্ধ কথাখিনিৰে সৈতে তেখেতৰ ফেচবুক একাউণ্টৰ যোগে প্ৰচাৰ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে গম পোৱা গ'ল যে, সাংবাদিকজনৰ ফেচবুক একাউণ্টটোও মোবাইলৰ পৰা দুষ্ট চক্ৰটোৱে হেক কৰি নোহোৱা কৰি দিছে ।

এই বিষয়ে সাংবাদিক নেওগে ইতিমধ্যে বৰবৰুৱা আৰক্ষী থানাত উক্ত দুষ্ট চক্ৰটোক ধৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা হাতত ল'বলৈ এখন এজাহাৰ দাখিল কৰিছে ৷ যাতে সঠিকভাৱে মোবাইল ব্যৱহাৰ কৰিব নজনা বহু লোক এনেধৰণৰ চক্ৰান্তৰ বলি হ'ব লগা নহয় ।

লগতে পঢ়ক : ক্ৰীড়াৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক অসম অলিম্পিক সন্থাৰ ভূয়সী প্ৰশংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.