ETV Bharat / state

ৰাজ সাহায্যৰ পৰা বঞ্চিত শিল্পী হেমপ্ৰভা চুতীয়া

author img

By

Published : Dec 29, 2020, 4:53 PM IST

মৰাণৰ সুদক্ষ শিল্পী-শিপিনী হিচাপে পৰিচিত হেমপ্ৰভা চুতীয়া আজিও বঞ্চিত ৰাজ সাহায্যৰ পৰা ৷ মুখ্যমন্ত্ৰী, বিধায়কে পাহৰিলে প্ৰতিশ্ৰুতি ৷

Intelligent weaver Hemprabha Chutia Deprived to got relief from government Moran dibrugarh assam etv bharat news
ৰাজ সাহায্যৰ পৰা বঞ্চিত শিল্পী হেমপ্ৰভা চুতীয়া

মৰাণ,29 ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ মৰাণৰ এগৰাকী সুদক্ষ শিপিনী হৈছে হেমপ্ৰভা চুতীয়া ৷ বিগত 7 বছৰে নিৰৱচ্ছিন্নভাৱে দক্ষতাৰ পৰিচয় দি অহা শিপিনীগৰাকীয়ে তিনিখন ধৰ্মগ্ৰন্থৰো জীৱন্ত ৰূপ দাঙি ধৰিছে তাঁতশালৰ জৰিয়তে ৷ মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ এই শিপিনীগৰাকীয়ে সাঁচতীয়া ধনকে মূলধন হিচাপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা, মাধৱদেৱৰ নামঘোষা আৰু মদ্​ভাগৱত গীতা বৈ উলিয়াইছে কাপোৰত ৷ শিপিনীগৰাকীৰ এই সম্পদসমূহ সংৰক্ষণ কৰিবলৈ বৰ্তমান ঠাইৰ অভাৱ হৈছে বাসগৃহত ৷ সেয়ে বৰ্তমান সময়ত শিপিনীগৰাকীৰ প্ৰয়োজন হৈ পৰিছে এটি সংগ্ৰহালয়ৰ ৷

ৰাজ সাহায্যৰ পৰা বঞ্চিত শিল্পী হেমপ্ৰভা চুতীয়া

বিগত বৰ্ষত অৰ্থাৎ 2019 চনৰ 8 মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিপিনীগৰাকীক এটা ক্ষুদ্ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবদ হোৱা ব্যয় আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলেয়ে আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যত সেয়া হৈ নুঠিল ৷ স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে শিপিনীগৰাকীক 1 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি কোনো সাহায্য লাভ নকৰিলে হেমপ্ৰভা চুতীয়াই ৷ সম্পদসমূহ সংৰক্ষণৰ স্বাৰ্থত শিপিনীগৰাকীয়ে ভূমি দান কৰিবলৈ সাজু হৈছে যদিও চৰকাৰৰ অৱহেলাৰ বাবে এয়া কাৰ্যত আজিও হৈ উঠা নাই ৷

শিপিনীগৰাকীয়ে মৰাণত অনুষ্ঠিত টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত সৃষ্টিৰাজী প্ৰদৰ্শন কৰাৰ লগতে ৰজাঘৰীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ ফটিকাছোৱা নেপালী গাঁও নিবাসী খগেশ্বৰ চুতীয়া আৰু আইকণ চুতীয়াৰ জ্যেষ্ঠ কন্যা হেমপ্ৰভাই সৰুৰে পৰা ধৰ্মগ্ৰন্থ কেইখন তাঁতত বৈ উলিওৱাৰ সপোন পুহি ৰাখিছিল ৷ সেই অনুসৰি, 2012 চনত ইয়াক কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে ৷ 18 ইঞ্চি বহল, 80 ফুট দীঘল মুগা সূতাৰে আৰম্ভ কৰা গুণমালাৰ 440 জনা পদ বৈ উলিয়াই হেমপ্ৰভাই ৷

2014 চনৰ মে’ মাহত শিপিনীগৰাকীৰ প্ৰথম প্ৰয়াস গুণমালা অভয়পুৰীয়া গাঁৱস্থিত শ্ৰীশ্ৰীকালশিলা সত্ৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2014 চনৰ 10 আগষ্টত হেমপ্ৰভাই আৰম্ভ কৰে নামঘোষাৰ কাম ৷ দুবছৰ পিছত 1001 জনা ঘোষাৰে কাপোৰত প্ৰকাশ পায় মাধৱদেৱৰ বিৰচিত নামঘোষা ৷ ইতিপূৰ্বে মদ্​ভাগৱত গীতাৰ সংস্কৃত আৰু ইংৰাজী সংস্কৰণ বৈ উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে শিল্পীগৰাকীয়ে ৷ এনে এগৰাকী প্ৰতিভাৱান শিপিনী চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়টো সঁচাকৈয়ে দুৰ্ভাগ্যজনক ৷

লগতে চাওকঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.