ETV Bharat / state

Firing in Dihing Patkai: বনৰক্ষী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্রচণ্ড গুলীয়াগুলী

author img

By

Published : Dec 31, 2021, 6:48 PM IST

বনৰক্ষী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্রচণ্ড গুলীয়াগুলাী
বনৰক্ষী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্রচণ্ড গুলীয়াগুলাী

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত গুলীয়াগুলী (Firing in Dihing Patkai National Park) ৷ অৰুণাচল প্ৰদেশৰ চাৰিজনীয়া এটা চোৰাং কাঠ মাফিয়াৰ দলে বন বিভাগৰ দলটোৰ প্ৰতি লক্ষ্য কৰি গুলীচলনা কৰাৰ পিছতে বন বিভাগে কাঠ মাফিয়াৰ দলটোলৈ লক্ষ্য কৰি গুলীচলনা কৰে ৷

মৰাণ, 31 ডিচেম্বৰ : জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dihing Patkai National Park)ৰ গভীৰ অঞ্চলত দিহিং বন বিভাগ আৰু চোৰাং কাঠ মাফিয়াৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী (Firing between forest department and illegal wood cutter)। বন বিভাগে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা শুকানজুৰি খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা এটা তহলদাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসৱনলা সমীপত নিয়মীয়া তহলদাৰী কৰি থকা সময়তে অৰুণাচল প্ৰদেশৰ চাৰিজনীয়া এটা চোৰাং কাঠ মাফিয়াৰ দলে বন বিভাগৰ দলটোৰ প্ৰতি লক্ষ্য কৰি গুলীচলনা কৰে ৷

কাঠ মাফিয়াৰ দলটোৱে প্ৰায় চাৰি ৰাউণ্ড গুলী চলোৱাত বন বিভাগৰ দলটোৱেও প্ৰত্যুত্তৰত প্ৰায় দহ ৰাউণ্ড গুলী চলাই যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ মাফিয়াৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয় ।

বনৰক্ষী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্রচণ্ড গুলীয়াগুলাী

ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ চোৰাং কাঠ মাফিয়াৰ সন্ধানত অভিযান চলায় যদিও নিশা গভীৰ হোৱাত কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল । শেহতীয়াকৈ ডিব্ৰুগড় জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ লগত ঘটনা সন্দৰ্ভত যোগাযোগ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Illegal sand mining at kalgachia : বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.