ETV Bharat / state

Illegal sand mining at kalgachia : বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন

author img

By

Published : Dec 31, 2021, 4:11 PM IST

illegal-sand-mining-at-kalgachia
বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন

কলগাছিয়াৰ আমগুৰিত বেঁকী নদীৰ কাষত বৰপেটা জিলাৰ বন বিভাগৰ চকুৰ সন্মুখতে চলিছে অবৈধ বালি খনন (Illegal sand mining at kalgachia) । কেইবাখনো ট্ৰেক্টৰ লগাই দিনে নিশাই অবৈধ বালি খনন অব্যাহত ৰখাৰ ফলত ক্ষোভিত হৈ পৰিছে আমগুৰি গাঁৱৰ ৰাইজ ।

জনীয়া, 31 ডিচেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটাতো অব্যাহত আছে অবৈধ বালি খনন (Illegal sand mining in Assam) । কিন্তু দেখি শুনিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে জিলাখনৰ বন বিভাগৰ বিৰুদ্ধে । জানিব পৰা মতে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত আমগুৰি গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলি আহিছে অবৈধ বালি খনন (Illegal sand mining at kalgachia) । এই খনন কাৰ্যৰ ফলত কলগাছিয়া ৰাজহ চক্ৰৰ আমগুৰি আৰু শওপুৰ আদি অঞ্চলত বেঁকী নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।

বন বিভাগৰ চকুৰ সন্মুখতে বেঁকী নৈত চলিছে অবৈধ বালি খনন

একাংশ ৰাজনৈতিক নেতাৰ নেতৃত্বত বিগত কেইবাদিনৰ পৰা বেঁকী নদীৰ কাষত খনন কাৰ্য চলাই আহিছে বুলি জানিব পৰা গৈছে । লগতে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক হাতৰ মুঠিত ৰাখি কেইবাখনো ট্ৰেক্টৰ লগাই খনন কাৰ্য চলাই বালি মাফিয়াই বালি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে জিলাখনৰ বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

এনে কাৰ্য বন্ধ নহ'লে আগন্তুক দিনত গৰাখহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে । ইয়াৰোপৰি এই খনন কাৰ্যৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰশাসনক আহ্বান জনাই ৷ অন্যথা অঞ্চলটোৰ ৰাইজে ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : Encounter in Lakhimpur : লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ২ ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.