ETV Bharat / state

Erosion by Brahmaputra river:খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:06 PM IST

erosion by brahmaputra river in dibrugarh
ডিব্ৰুগড় চহৰত ভয়ংকৰ খহনীয়া

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ৷ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ৷

ডিব্ৰুগড় চহৰত ভয়ংকৰ খহনীয়া

ডিব্ৰুগড়, 4 অক্টোবৰ : এই বৰ্ষত খহনীয়াই লগ নেৰা হৈছে ডিব্ৰুগড় চহৰক । পুনৰ যোৱা কেইটামান দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা পাচতেই ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ । খৰালিতো ডিব্ৰুগড় চহৰত ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল । ইয়াৰ সমান্তৰালকৈ বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ।

ডিব্ৰুগড়ৰ মোহনাঘাটৰ দাঁতিকাষৰীয়া অঞ্চলত সৃষ্টি হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে কৃষিভূমি তথা বহু মূল্যৱান গছ । দুটা দিনে হৈ থকা এই খহনীয়াৰ পাচতে কেইবাটাও পৰিয়ালে ইতিমধ্যে ঘৰ এৰি অন্য ঠাইলৈ যোৱাৰ প্ৰস্তুতি কৰিছে । খহনীয়াৰ প্ৰকোপ অতি ভয়ংকৰ যদিও প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বুধবাৰে কিছু জিঅ’ বেগ দি গৰাখহনীয়া ৰোধৰ চেষ্টা কৰিছে জলসম্পদ বিভাগৰ কৰ্মীসকলে । এই ভয়ংকৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ ৷

খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিঃচিহ্ন হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে । সেয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ডিব্ৰুগড়ৰ মোহনাঘাটৰ ৰাইজে আহ্বান জনাইছে চৰকাৰক । উল্লেখ্য যে, এই বৰ্ষতে ডিব্ৰুগড় চহৰৰ কাষতে কেইবাটাও স্থানত খহনীয়াই ভয়ংকৰ ৰূপ লৈছিল যদিও এই খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল জলসম্পদ বিভাগ । খহনীয়া হৈ থকা উক্ত স্থানসমূহত জিঅ’ বেগ প্ৰকল্প স্থাপন কৰি থকাৰ মাজতেই পুনৰ ডিব্ৰুগড়ৰ মোহনাঘাটত সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াক লৈ চিন্তিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ । এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : Erosion by Debing river:দেবিং নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজানবাসী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.