ETV Bharat / state

Dibrugarh University student:ডিকী সোণোৱালৰ কৃতিত্বত গৌৰাৱান্বিত অসম

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:06 PM IST

dibrugarh university student made assam proud
ডিকী সোণোৱালৰ কৃতিত্বত গৌৰাৱান্বিত অসম

৫০ টা ভাষাৰ ৫০ টা গীত গায় India book of records আৰু Asia book of record' ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ডিকী সোণোৱালে ৷

ডিকী সোণোৱালৰ কৃতিত্বত গৌৰাৱান্বিত অসম

ডিব্ৰুগড়, 24 আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, ডিকী সোণোৱাল বৰ্তমান সমগ্ৰ অসমতে এটা পৰিচিত নাম ৷ ডিকী সোণোৱালৰ সফলতাই গৌৰাৱান্বিত কৰিছে ৰাজ্যবাসীক ৷ ডিকী সোণোৱালে ৫০ টা ভাষাৰ ৫০ টা গীত গাই গঢ়িছে দুটাকৈ ৰেকৰ্ড ৷ তিনিচুকীয়া জিলাৰ ডাঙৰী সৰুধাদুম গাঁৱৰ ললিত সোণোৱাল আৰু মমী সোণোৱালৰ জীয়ৰী ডিকী সোণোৱাল ৷ ৫০ টা ভাষাৰ ৫০ টা গীত গাই India book of records আৰু Asia book of records' ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ডিকী সোণোৱালে ৷

dibrugarh university student made assam proud
ডিকী সোণোৱালৰ কৃতিত্বত গৌৰাৱান্বিত অসম

হিন্দী, ইংৰাজী আৰু অসমীয়াৰ উপৰিও মণিপুৰী,মিচিং, নাগামিজ আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা ভাষাৰ লগতে নাগপুৰী, হিমাচলী, ৰাজস্থানী আদি বহুকেইটা ভাৰতীয় ভাষাৰ সৈতে মিলাই সৰ্বমুঠ পঞ্চাশটা ভাষাত গীত পৰিৱেশন কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ডিকী সোণোৱালে ৷ উল্লেখ্য যে, ডিকী সোণোৱাল ডুমডুমা মহাবিদ্যালয়ৰ ২০১৯-২০ আৰু ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ উজ্জীৱনৰ শ্ৰেষ্ঠ গায়িকা ৷

বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী ডিকী সোণোৱালে International book of records, World book of record আদিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । মেধাৱী ছাত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি লক ডাউনৰ সময়ৰে পৰা ইউটিউবত বিভিন্ন ভাষাৰ গীত শিকাৰ বাবে চেষ্টা চলাই আহিছিল তেওঁ । সেই চেষ্টাৰ ফলতেই 50 টা ভাষাৰ গীত শিকাটো সম্ভৱ হৈ উঠিল বুলি জানিবলৈ দিছে ছাত্ৰী গৰাকীয়ে । ডিকী সোণোৱালৰ এই সফলতাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ লগতে বিশ্ববিদ্যালয় সকলোৱে মেধাৱী প্ৰতিভাৱান ছাত্ৰীগৰাকীক জনাইছে অভিনন্দন আৰু শুভেচ্ছা ।

লগতে পঢ়ক : Students protest in Amguri: শৈশৱক বিদায় দিব নোখোজে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.