ETV Bharat / state

Students protest in Amguri: শৈশৱক বিদায় দিব নোখোজে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:38 PM IST

আমগুৰিত শ্ৰেণী কোঠা এৰি কান্দি কান্দি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী । বিদ্যালয়খনৰ এজন শিক্ষকক বদলি নিৰ্দেশৰ পাছতে এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছ অবৰ্ণনীয় পৰিস্থিতি ।

Students protest boycotting classrooms in Amguri
শ্ৰেণীকোঠা বৰ্জন কৰি কান্দি কান্দি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

শ্ৰেণীকোঠা বৰ্জন কৰি কান্দি কান্দি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

আমগুৰি,২৪ আগষ্ট: বৃহস্পতিবাৰে আমগুৰিৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ । শুনা গ'ল মাথো কান্দোনৰ ৰোল । "আমাক শৈশৱ ছাৰক লাগিবই"- প্ৰতিবাদী ধ্বনিৰে মুখৰিত হৈ পৰিল বিদ্যালয়খনৰ চৌদিশ । শ্ৰেণীকোঠা এৰি বিদ্যালয়ৰ খেলপথাৰলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি পুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হয় এই পৰিস্থিতিৰ ।

জানিবপৰামতে, বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে প্ৰিয় শিক্ষকগৰাকী হ'ল সহঃশিক্ষক শৈশৱ শইকীয়া । কিয়নো প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজ সন্তানৰ দৰে আবদাৰ কৰে শিক্ষকগৰাকীয়ে । ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি শইকীয়াই যথেষ্ট মৰম কৰে ছাত্ৰ-ছাত্ৰীসকলক । খুব সুন্দৰকৈ পাঠদান কৰে শৈশৱ শইকীয়াই ।

পিছে হঠাৎ আমগুৰিৰ নামতি পুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক শৈশৱ শইকীয়াক তাৎক্ষণিক বদলিৰ নিৰ্দেশ প্ৰদান কৰে বিভাগে । লগে লগে যেন সৰগ ভাগি পৰিল ছাত্ৰ-ছাত্ৰীৰ মূৰত । শিক্ষক জনক বদলি নিৰ্দেশৰ পাছতে এতিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

কাৰণ, তেওঁলোকৰ অতিকৈ মৰমৰ শিক্ষাগুৰু জনক আন এখন বিদ্যালয়লৈ গুচি যাব । ফলত ছাত্ৰ-ছাত্ৰী সকলে কান্দি কান্দি শ্ৰেণীকোঠা বৰ্জন কৰি নামি পৰিছে প্ৰতিবাদত । তেওঁলোকে বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হুকহুকাই কান্দিছে আৰু কৈছে, "আমি ছাৰক যাবলৈ নিদিওঁ । ছাৰে আমাক বহুত মৰম কৰে । বহুত ধুনীয়াকৈ পঢ়ায় ।"

নামতি পুল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শৈশৱ শইকীয়াৰ প্ৰচেষ্টাত বৰ্তমান ৩৫ জন পৰা এশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ হৈছেগৈ । শইকীয়াই ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনলৈ আহিবলৈ আহ্বান জনাই । শিক্ষকগৰাকীৰ মৰম আৰু পাঠদানৰ দক্ষতাৰ উমান পাই অভিভাৱকসকলেও বিদ্যালয়খনলৈ পঠিয়াই নিজৰ সন্তানক । সেয়ে বিদ্যালয়খনৰ শিক্ষকজনক বদলিৰ নিৰ্দেশক যদি বাতিল নকৰে তেন্তে ছাত্ৰ-ছাত্ৰীসকলে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ হুংকাৰ দিছে ।

লগতে পঢ়ক: SI Junmoni Rabha death case update: দুৰ্ঘটনাতেই SI জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ কথা প্ৰায় নিশ্চিত কৰিছে CBI য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.