ETV Bharat / state

Namrup Cooperative Scam: নামৰূপ সমবায় সমিতিত যোগান বিভাগৰ অভিযান

author img

By

Published : May 16, 2023, 9:26 PM IST

Namrup Cooperative Scam
Namrup Cooperative Scam

নামৰূপ সমবায় সমিতিৰ গুদামত চাউলৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে চলিল খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান (supply department operation in Namrup) । গুদামত অস্বাস্থ্যকৰ পৰিৱেশত চাউল মজুতকৰণৰ লগতে বুজন পৰিমাণৰ খাদ্যৰ অপচয় । বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা গ্ৰহণৰ দিশে দৃষ্টি সকলোৰে ।

নামৰূপ সমবায় সমিতিত যোগান বিভাগৰ অভিযান

ডিব্ৰুগড়, ১৬ মে' : নামৰূপ সমবায় সমিতিৰ গুদামত সংঘটিত ব্যাপক অনিয়ম উৎখাত কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগে (supply department operation in Namrup) । সমবায় সমিতিখনৰ সচিব পৱিত্ৰ বৰগোঁহাই ওৰফে বিজয়ে দীৰ্ঘদিন ধৰি সমবায় সমিতিৰ এই গুদামৰ পৰাই চাউলৰ চোৰাং কাৰবাৰ চলাই যোৱাৰ ঘটনা পোহৰলৈ আহে (scam in Namrup cooperative society) ।

নামৰূপ সমবায়ৰ সচিব পবিত্ৰ বৰগোঁহায়ে সমবায়ৰ দায়িত্ব লৈ আছিল যদিও তেওঁৰে ভতিজাক প্ৰবাল বৰগোঁহায়ে বৰ্তমান সময়ত সমবায়ৰ দায়িত্ব পালন কৰি আছে ৷

কিন্তু যোগান বিভাগে জনোৱা অনুসৰি, দায়িত্ব হস্তান্তৰিত কৰাৰ কোনো নথি-পত্ৰ বিভাগক দিয়া হোৱা নাই (PDS scam in Namrup cooperative society) । উল্লেখ্য যে নামৰূপ, শান্তিপুৰ আৰু ঘিনাই পঞ্চায়ত সামৰি এক বৃহৎ অঞ্চলত নামৰূপ সমবায় সমিতিয়ে ৩৬ জন এজেণ্টক চাউল যোগান ধৰে আৰু এই ৩৬ গৰাকী সমবায় এজেণ্টে খাদ্য আৰু অসামৰিক বিভাগৰ পৰা লাভ কৰা চাউল দৰিদ্ৰ জনতাক সুলভ মূল্যত প্ৰদান কৰে ।

মন কৰিবলগীয়া যে, ৩৬ গৰাকী সমবায় এজেণ্টৰ বাবে মে' মাহত খাদ্য আৰু অসামৰিক বিভাগে নামৰূপ সমবায় সমিতিলৈ প্ৰেৰণ কৰা ১০৮২ কুইণ্টল চাউলৰ প্ৰায় ৪৫৮.৯৫ কুইণ্টল চাউল অন্তৰ্ধান হয় । পিছে মে' মাহৰ আৱণ্টিত চাউল প্ৰায় ১৬ গৰাকী সমবায় এজেণ্টে লাভ নকৰাত খাদ্য আৰু অসামৰিক বিভাগৰ পৰিদৰ্শকক অভিযোগ দিয়াৰ পাচতেই নামৰূপ সমবায় গুদামত খাদ্য আৰু অসামৰিক বিভাগে চলোৱা অভিযানত পোহৰলৈ আহে সমবায় সচিব পবিত্ৰ বৰগোহাঁয়ে চলোৱা সুলভ মূল্যৰ চাউল কেলেংকাৰিৰ সমস্ত ঘটনা (Cooperative rice seized at Namrup) ।

কেৱল ইমানেই নহয়, আগন্তুক জুন মাহৰ বাবে প্ৰেৰণ কৰা ১০৮২ কুইণ্টল চাউলো অন্তৰ্ধান হয় । ইতিমধ্যে খাদ্য আৰু অসমাৰিক বিভাগে নামৰূপ সমবায় সমিতিৰ গুদামটো ছীল কৰাৰ লগতে সমবায় সচিব পবিত্ৰ বৰগোহাঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিছে খাদ্য আৰু অসামৰিক বিভাগৰ পৰিদৰ্শক শান্তনু দাসে ।

উল্লেখ্য যে দৰিদ্ৰ জনতাৰ বাবে আৱণ্টিত চাউল ৰিপেকেজিং কৰি নামৰূপত চাউলৰ চোৰাং ব্যৱসায় চলোৱাৰ অভিযোগ আছে সমবায় এজেণ্ট পবিত্ৰ বৰগোহাঁই ওৰফে বিজয়ৰ বিৰুদ্ধে । লগতে খাদ্য আৰু অসামৰিক বিভাগৰ পৰিদৰ্শক থকাৰ পিছতো সমবায় গুদামত এনে অস্বাস্থ্যকৰ পৰিৱেশত চাউলৰ মজুতকৰণ আৰু বুজন পৰিমাণৰ খাদ্যৰ অপচয় হৈছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :SI Junmoni Rabha passes away: জোনমণি ৰাভাৰ মৃত্যুত শোকাৰ্ত গড়মূৰ আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.