ETV Bharat / state

Lavita drama controversy: লভিতা বিতৰ্ক সন্দৰ্ভত বিমল বৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 12, 2022, 7:18 PM IST

লভিতা নাটকক লৈ বিতৰ্ক অব্যাহত আছে (Lavita controversy)। ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ । "লভিতা"ক লৈ সৃষ্টি হোৱা বিৰ্তক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই । ইফালে সংবাদমেলযোগে নগাঁৱত আৱাহনৰ লভিতা নিষিদ্ধ কৰাৰ দাবী ।

controversy over lavita drama
Lavita drama controversy: লভিতা বিতৰ্ক সন্দৰ্ভত বিমল বড়াৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, ১২ অক্টোবৰ: বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰক লৈ বিতৰ্ক অব্যাহত আছে (Abahan theatre)। থিয়েটাৰৰ মঞ্চত এইবছৰৰ প্ৰদৰ্শিত নাট 'লভিতা'ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lavita drama in Abahan theatre)। গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট 'লভিতা'ক বিকৃতভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্নজনে । চৌদিশে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে সচেতন মহল (Dramatist Abhijeet Bhattacharya)।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতাক আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে(Minister Bimal Borah reaction lavita issue) । সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু বিদ্বান সমাজে সমালোচনা কৰিছে সেয়েহে নাট্য গোষ্ঠীটোৱে এই ক্ষেত্ৰত সুস্পষ্ট কৰি দিয়াটোৱে ভাল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । আনহাতে সাংস্কৃতিক ক্ষেত্ৰখনত যি বিতৰ্ক সৃষ্টি হৈছে সেই ক্ষেত্ৰত নিৰাময়ৰ দায়িত্বও সংশ্লিষ্ট নাট্যগোষ্ঠীৰ । গতিকে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আহ্বান জনালে মন্ত্ৰী বিমল বৰাই ।

ইপালে নগাঁৱত অসম নাট্য সন্মিলনৰ জিলা সমিতিৰ সংবাদমেলযোগে লভিতা বিতৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Reaction over lavita issue at Nagaon) । নগাঁৱত লভিতা নিষিদ্ধ কৰাৰ দাবী অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ(Demand to ban Lovita in Nagaon) । সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে বুধবাৰে নগাঁৱত সংবাদমেলৰ আয়োজন কৰি অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । অভিজিত ভট্টাচাৰ্যৰ লভিতা নাটকখন সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিয়ে ।

অনাগত দিনত আৱাহন থিয়েটাৰে নগাঁৱত কোনো কাৰণতেই ৰূপকোঁৱৰৰ নাটক লভিতা বিকৃতকৰণ কৰি মঞ্চস্থ কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে নাট্য সন্মিলনৰ বিষয়ববীয়াই । লভিতা নাটৰ নাম সলাই দিলেই সকলো সমস্যাৰ সমাধান নহয় বুলিও উল্লেখ কৰি নাটকখনৰ বিষয়বস্তু একেই থাকিব বুলি মন্তব্য কৰে নাট্য সন্মিলনে । লভিতা নাটকত বন্দে মাতৰমৰ সলনি ভাৰত মাতা কি জয় কোৱা হৈছিল । ভাৰত মাতা কি জয়কৈ অভিজিত ভট্টাচাৰ্যয়ে কাৰোবাক তৈল্য মৰ্দনো কৰিব পাৰে বুলিও কটাক্ষ কৰে সন্মিলনীয়ে ।

লগতে পঢ়ক: Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.