ETV Bharat / state

Plantation programme: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি

author img

By

Published : Jul 19, 2022, 7:40 AM IST

cm institutional plantation programme launched in dibrugarh
Plantation programme in Dibrugarh: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভণি

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচী(CM institutional plantation programme) । ডিব্ৰুগড়তো শুভাৰম্ভণি কৰা হয় এই বিশেষ কাৰ্যসূচীৰ । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে গছপুলি ৰোপন কৰি আৰম্ভণি কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচীৰ(DC Bishwajit Pegu participates in plantation programme in Dibrugarh) ।

ডিব্ৰুগড়,১৯ জুলাই: ৰাজ্য়জুৰি আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচী(CM institutional plantation programme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ডিব্ৰুগড়ৰ লাহোৱাল উন্নয়ন খণ্ডৰ সমীপত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে(DC Bishwajit Pegu participates in plantation programme in Dibrugarh) ।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি

এই কাৰ্যসূচীত লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো গাঁও পঞ্চায়তৰ সভাপতি,সভানেত্ৰীয়ে অংশগ্ৰহণ কৰে । শুভাৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে লাহোৱাল উন্নয়ন খণ্ডৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বেদব্ৰত পেগুয়ে । জিলা উপায়ুক্ত গৰাকীক সংগ দিয়ে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজিৰাণী গোহাঁইয়ে ।

এই অনুষ্ঠানত বহু মূল্যবান ফলমূলৰ গছপুলিৰ লগতে আপুৰুগীয়া ১৭০ টা গছপুলি ৰোপণ কৰা হয় । মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ডিব্ৰুগড়ৰ সকলো চৰকাৰী কাৰ্যালয়ত এই কাৰ্যসূচীৰ ৰূপায়ণ কৰা হ'ব । গছ ৰোপণ কৰাটো আৰু ইয়াৰ প্ৰতিপালন কৰাটো সমাজৰ প্ৰতিজন ব্যক্তিৰে দায়িত্ব আৰু কৰ্তব্য হব লাগে ।

লগতে পঢ়ক: Assam Cabinet Decisions: মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.