ETV Bharat / state

টাটা ট্ৰাষ্টৰ উদ্যোগত ডিব্ৰুগড়ত স্তন কেন্সাৰৰ সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:25 PM IST

Breast Cancer Awareness Programme : টাটা ট্ৰাষ্টৰ উদ‍্যোগত ডিব্ৰুগড়ত স্তন কেন্সাৰৰ সজাগতা সভা ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ কেঞ্চাৰ কেয়াৰ চেন্টাৰত অংশ ল'লে বিশিষ্ট ৰন্ধন বিশেষজ্ঞ শান্তা শৰ্মাই ৷

Breast Cancer Awareness Programme in Dibrugarh
টাটা ট্ৰাষ্টৰ উদ্যোগত সজাগতা সভা

ডিব্ৰুগড়ত স্তন কেন্সাৰৰ সজাগতা সভা

মৰাণ, 20 ডিচেম্বৰ : মাৰাত্মক কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত চিকিৎসা বিজ্ঞানী সকলে নিৰৱচ্ছিন্নভাৱে গবেষণা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে কৰ্কট ৰোগৰ পৰা বহুলোকে নিৰাময় লাভ কৰিছে যদিও বহুতে মৃত্যুক আকোৱালি ল'ব লগা হৈছে ৷ কেন্সাৰ বা কৰ্কট ৰোগৰ বিৰুদ্ধে চিকিৎসা বিজ্ঞানী সকলে ঔষধ আৱিষ্কাৰৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে এই ৰোগক লৈ সকলোতে আৰম্ভ হৈছে জন সজাগতামূলক কাৰ্যসূচী ৷

বুধবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল দুৰাৰোগ্য কেন্সাৰক লৈ সজাগতামূলক কাৰ্যসূচী ৷ টাটা ট্ৰাষ্টৰ উদ্যোগত, অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত কেন্সাৰ চেন্টাৰত অনুষ্ঠিত কেঞ্চাৰ সজাগতা কাৰ্যসূচীত মহিলা সকলে খাদ্য অভ্যাসৰ লগতে ৰন্ধন প্ৰক্ৰিয়াৰ জড়িয়তে নিজক কেনেকৈ এই প্ৰাণঘাটি ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিব সেই বিষয়ে অৱগত কৰা হয় ৷ এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট ৰন্ধন বিশেষজ্ঞ শান্তা শৰ্মাই ৷

খাদ্যৰ জৰিয়তে নিজৰ শৰীৰক সুস্বাস্থ্য কৰি ৰখাৰ উদ্দেশ্যৰে অনুষ্ঠিত এই অনুষ্ঠানত স্তন কেন্সাৰ সন্দৰ্ভত মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয় ৷ বিশেষকৈ মহিলাসকলৰ মাজত যিকোনো সমস্যাৰ সন্মুখীন হ'লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কাৰণ প্ৰথম পৰ্যায়ত স্তন কেন্সাৰ ধৰা পৰিলে সহজে আৰোগ্য হয় বুলি কেন্সাৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে ৷

খাদ্যাভ্যাস আৰু অসচেতনতাৰ বাবেই যে এই ৰোগ আজিৰ সমাজত ক্ৰমাৎ বৃদ্ধি পাইছে, সেই বিষয়ে এই অনুষ্ঠানত বিশিষ্ট ৰন্ধন বিশেষজ্ঞ শান্তা শৰ্মাই মহিলা সকলক অৱগত কৰে ৷ এই অনুষ্ঠানত টাটা ট্ৰাষ্টৰ কমিউনিকেছন টীমৰ শিল্পী শিখা ঘোষ, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ লগতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : জ্যেষ্ঠ সাংবাদিক চন্দন শৰ্মাৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.