ETV Bharat / state

Boxer MC Marykom in Dibrugarh : নাহৰৰ দেশত এম চি মেৰিকম

author img

By

Published : Dec 12, 2021, 10:47 PM IST

boxer-mc-marykom-in-dibrugarh-university
Boxer MC Marykom : নাহৰৰ দেশত মেৰিকম

নাহৰৰ দেশত বক্সাৰ এম চি মেৰিকম(Boxer MC Marykom in Dibrugarh university) ৷ নিজৰ সংগ্ৰামী যাত্ৰাৰ কথা কৈ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰা আগুৱাই যাবলৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰেৰণা জনালে মেৰিকমে ৷

মৰাণ, 12 ডিচেম্বৰ : নাহৰৰ দেশত উপস্থিত বক্সিঙৰ ৰাণী এম চি মেৰিকম(Boxer Marykom in Dibrugarh university) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক সপ্তাহ(52 nd varsity week Dibrugarh university)ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেৰিকম । উত্তৰ-পূৱৰ কিংবদন্তি খেলুৱৈ গৰাকীক সন্মুখত পাই আনন্দত উল্লাসিত হৈ পৰিল শিক্ষাৰ্থী সকল । বিশ্ববিদ্যালয়ৰ ৩৬ টাকৈ বিভাগ আৰু কেন্দ্ৰই অভিবাদন জনালে খেলুৱৈ গৰাকীক ।

নাহৰৰ দেশত মেৰিকম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভা(PGSU Dibrugarh university) ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৫২ সংখ্যক বিশ্ববিদ্যালয়ৰ সপ্তাহত অংশগ্ৰহণ কৰি মেৰিকমে ক'লে নিজৰ যাত্ৰা আৰু জীৱনৰ কথা । মহিলা সকলে নিজকে দুৰ্বল হিচাপে কেতিয়াও ভাবিব নালাগে বুলি মন্তব্য কৰি কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰাহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি বুলি ছাত্ৰ সমাজক উৎসাহিত কৰে বক্সাৰ গৰাকীয়ে ।

এটা কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মেৰিকমে তেওঁৰ এই যাত্ৰাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হোৱা বুলিও মন্তব্য কৰিছে ।

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিকে আদৰণি ভাষণ প্ৰদান কৰি এই শুভাৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয় আৰু ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰে উপাচাৰ্য ড৹ লীলাকান্ত নাথ আৰু ছাত্র একতা সভাৰ সভাপতি পৱন গগৈয়ে । এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়(Union minister Sarbananda Sonowal in Dibrugarh university) ৷

লগতে পঢ়ক : ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.