ETV Bharat / state

Child friendly Gram Panchayat Award 2020: বৰপথাৰ গাঁও পঞ্চায়তলৈ শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা

author img

By

Published : Apr 22, 2020, 5:13 PM IST

Updated : Oct 26, 2022, 7:57 AM IST

এই খবৰ লাভ কৰাৰ পাছতে এতিয়া স্বাভাৱিকতেই উৎফুলিত হৈছে পঞ্চায়তটোত কৰ্মৰত কৰ্মচাৰী সকলৰ লগতে পঞ্চায়তটোৰ অন্তৰ্গত গাঁওবাসী ৷

Child friendly Gram Panchayat Award 2020
বৰপথাৰ গাঁও পঞ্চায়তলৈ "শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা- 2020"

ডিব্ৰুগড়, 22 এপ্ৰিল: দেশজুৰি কৰ'ণা মহামাৰীৰ আতংক অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ বৰপথাৰলৈ আহিল এক সুখবৰ ৷ ডিব্ৰুগড়ৰ বৰপথাৰ গাওঁ পঞ্চায়তলৈ কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰণালয়ে প্ৰদান কৰিলে "শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা- 2020" ৷ এই খবৰ লাভ কৰাৰ পাছতে এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈছে পঞ্চায়তটোত কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে পঞ্চায়তটোৰ অন্তৰ্গত গাঁওবাসী ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় ভিত্তিত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ পৰা মুঠ 30 টা গাঁও পঞ্চায়তক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৷ য'ত অসমৰ পৰা ডিব্ৰুগড় জিলাৰ বৰপথাৰ গাঁও পঞ্চায়তে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এই সন্মান ৷

বৰপথাৰ গাঁও পঞ্চায়তলৈ "শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা- 2020"

পঞ্চায়তটোৱে এই সু-সংবাদ কঢ়িয়াই অনাৰ পাছতে পঞ্চায়তটোৰ কাউঞ্চিলাৰসহ বিষয়ববীয়া সকলক অভিনন্দন জ্ঞাপন কৰে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ এটি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি গাঁও পঞ্চায়ত পৰ্যায়ত এক শিশু অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে বৰপথাৰ গাঁও পঞ্চায়তলৈ আগবঢ়োৱা হয় এই সন্মান ৷

বৰপথাৰ গাঁও পঞ্চায়তলৈ "শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা- 2020"

লগতে পঢ়কঃ শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব মথাউৰি নিৰ্মাণৰ কাম

Last Updated :Oct 26, 2022, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.