ETV Bharat / state

মেৰামতিৰ পিচতেই এৰাল ব্লেক টেপিং: এয়া কেনে নিৰ্মাণ ?

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:17 PM IST

Allegation of corruption: মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো নমনা হ'ল একাংশ ঠিকাদাৰে ৷ নিৰ্মাণৰ দহদিন নৌহওঁতেই চপৰা চপৰে এৰাল ডিব্ৰুগড়ৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ ব্লেক টেপিং ৷ ঠিকাদাৰে নিম্নমানৰ কাম কৰি ৰাইজৰ ধন আত্মসাৎ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ।

Allegation of corruption
Assam PWD department

মেৰামতিৰ পিচতেই এৰাল ব্লেক টেপিং

মৰাণ, 11 জানুৱাৰী: মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিচতেই ড৹ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰৰ আমোলত কোনো দুৰ্নীতি, দালালি, অবৈধ সৰবৰাহ, নিষিদ্ধ সামগ্ৰীৰ বেহা আদি নচলিব ৰাজ্যত ৷ কিন্তু ঘোষণা কৰা ধৰণে এইসমূহ সমস্যা সমাধানত সফল হ’ব পৰা নাই তেওঁ ৷ কিয়নো আৰক্ষী, দুৰ্নীতি নিবাৰক শাখা আদিক দিনে-নিশাই তৎপৰ কৰি তোলাৰ পিচতো ৰাজ্যত নিতৌ ড্ৰাগছ সৰবৰাহ, দুৰ্নীতি আদি চলাৰ খবৰ আহিয়েই আছে ৷

সপ্তাহৰ 7 টা দিনৰ প্ৰায় 5 টা দিনতেই ৰাজ্যৰ কৰ’বাত নহয় কৰ’বাত ঘোচ লৈ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে হাত দাঙিয়েই আছে ৷ ৰাজ্যৰ বিভিন্ন স্থানত ড্ৰাগছ, জালনোট নকল সোণ আদি উদ্ধাৰ হৈয়েই আছে ৷ অব্যাহত আছে চুৰি-ডকাইতি-হত্যাৰ দৰে অপৰাধো ৷ এইসমূহ নিৰ্মূল কৰিবলৈ অসম আৰক্ষী এতিয়াও সম্পূৰ্ণৰূপে সক্ষম হোৱা নাই ৷

মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দেশ দিছিল যে চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম সংঘটিত কৰিব নোৱাৰিব ঠিকাদাৰ বা বিভাগীয় বিষয়াই ৷ আঁচনি ৰূপায়নৰ ধন আত্মসাৎ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সকীয়নি দিছিল মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু একাংশৰ বাবে যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ কোনো মূল্য নাই ৷ খোদ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধেই উঠিছে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৷

ডিব্ৰুগড়ৰ লাহোৱাল জয়পুৰ সংযোগী গুৰুত্বপূৰ্ণ পথটো বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পাচত শেহতীয়াকৈ অইল ইণ্ডিয়াৰ পুঁজি আৰু লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত ইয়াৰ মেৰামতি আৰম্ভ হয় ৷ প্ৰায় 40 কিঃমিঃ দৈৰ্ঘ্যৰ পথটোৰ কিছু অংশত ব্লেক টেপিং কৰা হৈছিল যদিও নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই নিৰ্মাণৰ দহদিন নৌহওঁতেই ব্লেক টেপিঙৰ তৰপবোৰ এৰাই যোৱাৰ অভিযোগ উঠিছে ৷

পথ নিৰ্মাণত সংঘটিত এই বিসংগতিৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে আছুকে ধৰি কেবাটাও সংগঠনে ৷ উল্লেখ্য যে, এই পথটো হৈছে ডিগবৈলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথ ৷ তাৰোপৰি এই পথেৰেই যাব লাগে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহলৈ ৷ কিন্তু পথটোৰ উন্নয়নৰ বাবে বিগত সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়েও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: প্ৰত্যাহাৰ কৰা হোৱা নাই পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.