ETV Bharat / state

প্ৰত্যাহাৰ কৰা হোৱা নাই পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 1:11 PM IST

ulfa i leader paresh baruah brother bikul baruah statement over withdrawn security
পৰেশ বৰুৱাৰ শেহতীয়া খবৰ

Paresh Baruah :প্ৰত্যাহাৰ কৰা হোৱা নাই পৰেশ বৰুৱাৰ বাসগৃহৰ নিৰাপত্তাৰক্ষী, কেৱল সলনি কৰা হৈছে পূৰ্বৰ নিৰাপত্তাৰক্ষীক ৷

বিকুল বৰুৱাৰ ভাষ্য

ডিব্ৰুগড়, 11 জানুৱাৰী : আলফা স্বাধীন আৰু চৰকাৰৰ শান্তি আলোচনাৰ প্ৰসংগ উত্থাপনৰ লগতে শেহতীয়াকৈ আলফাৰ শিবিৰত আক্ৰমণৰ ঘটনাক লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতেই ৮ জানুৱাৰীৰ সন্ধিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ডিব্ৰুগড় চাবুৱাৰ জেৰাইগাঁওস্থিত গৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছিল । হঠাৎ গৃহ বিভাগে জেৰাইগাঁওস্থিত পৰেশ বৰুৱাৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু এই সম্পৰ্কত অসমৰ সকলো সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল।

চৰকাৰৰ এই সিদ্ধান্তত শংকিত হৈ পৰিছে পৰেশ বৰুৱাৰ চাবুৱাস্থিত ভাতৃৰ পৰিয়ালৰ সদস্যসকল । মুখ্যমন্ত্ৰীক গৃহ নিৰাপত্তাৰক্ষী পুনৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাই । ইয়াৰ পাচতেই বুধবাৰে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভাতৃৰ খবৰ আহিছে প্ৰত্যাহাৰ কৰা হোৱা নাই পৰেশ বৰুৱাৰ বাসগৃহৰ নিৰাপত্তাৰক্ষী, কেৱল সলনিহে কৰা হৈছে পূৰ্বৰ নিৰাপত্তাৰক্ষীক ।

এই কথা গৃহ বিভাগৰ তৰফৰ পৰা জনোৱা হোৱা নাই যদিও গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু আলোচনাপন্থী আলফাৰ সম্পাদক অনুপ চেতিয়াই ফোন যোগে পৰেশ বৰুৱাৰ ভাতৃ বিকুল বৰুৱাক এই কথা জনায় । উল্লেখ্য যে, বিগত কেইবাটাও বছৰে চৰকাৰে ৪ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰি ৰাখিছিল পৰেশ বৰুৱাৰ চাবুৱাৰ বাসগৃহত। পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ দীনেশ বৰুৱাক ১৯৯৪ চনত গুপ্তঘাতকে নিশা হত্যা কৰা পিচতে পৰিয়ালটোৱে নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনাই আহিছিল । তাৰ‌ পাচতে ২০০০ চনৰ পৰা সুদীৰ্ঘ ২৩ বছৰে চৰকাৰে পৰিয়ালটোক নিৰাপত্তা প্ৰদান কৰি আহিছিল। ৩ জন গৃহ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু আন এগৰাকী দেহৰক্ষী আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে নিয়োজিত কৰিছিল ।

লগতে পঢ়ক : নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ: অজান আশংকাত পৰেশ বৰুৱাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.