ETV Bharat / state

নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ: অজান আশংকাত পৰেশ বৰুৱাৰ পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:26 PM IST

Secret Killing of Assam
Paresh Baruah family

পৰেশ বৰুৱাৰ জেৰাইগাঁৱৰ ঘৰৰ পৰা জৰুৰীকালীনভাৱে প্ৰত্যাহাৰ নিৰাপত্তাৰক্ষী । পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ আশংকা আলফা স্বাধীনৰ সৰ্বাধিনায়কগৰাকীৰ ভাতৃ বিকুল বৰুৱাৰ ৷

অজান আশংকাত শংকিত পৰেশ বৰুৱাৰ পৰিয়াল

তিনিচুকীয়া, ৯ জানুৱাৰী: আলফা স্বাধীন আৰু চৰকাৰৰ শান্তি আলোচনাৰ প্ৰসংগ উত্থাপনৰ মাজতে হঠাৎ জেৰাই গাঁওস্থিত আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে । বিগত ২৩ টা বছৰে চৰকাৰে চাৰিগৰাকীকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰি আহিছিল বৰুৱাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ৷ মঙলবাৰে হঠাতে প্ৰত্যাহাৰ কৰা হৈছে নিৰাপত্তাৰক্ষী ।

উল্লেখ্য যে পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ দীনেশ বৰুৱাক ১৯৯৪ চনত গুপ্তঘাটকে নিশা হত্যা কৰাৰ পিচতে পৰিয়ালটোৱে নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনাইছিল । তাৰ‌ প্ৰায় 6 বছৰ পিচত ২০০০ চনৰ পৰা সুদীৰ্ঘ ২৩ বছৰে চৰকাৰে পৰিয়ালটোক নিৰাপত্তা প্ৰদান কৰি আহিছিল ৷
তিনিজন গৃহ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু আন এগৰাকী দেহৰক্ষী আলফা (স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে নিয়োজিত কৰিছিল ।

মঙলবাৰে সন্ধিয়া চাৰিওজন নিৰাপত্তাৰক্ষীক ডিব্ৰুগড় হেডকোৱাটাৰলৈ নিশাই যাবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কথা জানিব পৰা‌ গৈছে । পৰিয়ালটোৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ বাবে আবেদন মৰ্মে ২০০০ চনৰ পৰা নিৰাপত্তাৰক্ষী প্ৰদান কৰি আহিছিল চৰকাৰে ৷ কিন্তু হঠাৎ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশ মৰ্মেই এনে সিদ্ধান্ত লোৱাৰ বাবে সংকিত হৈ পৰিছে পৰেশ বৰুৱাৰ ভাতৃ বিকুল বৰুৱা ৷ কিয়নো ইতিমধ্যে এজন ভাতৃক হত্যা কৰাৰ লগতে ঘৰত তিনিবাৰকৈ গুলীৰে আক্ৰমণ কৰিছে অচিনাক্ত লোকে ৷

উল্লেখ্য যে, যোৱা দেওবাৰে সন্ধিয়া ড্ৰোণেৰে সমগ্ৰ জেৰাই গাঁৱৰ ঘৰটো সম্পূৰ্ণ পোহৰাই থৈছিল বুলিও আলফা স্বাধীনৰ সৰ্বাধিনায়কগৰাকীৰ ভাতৃ বিকুল বৰুৱাই জানিবলৈ দিছে ।

লগতে পঢ়ক: ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণেৰে আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.