ETV Bharat / state

Constituency delimitation in Assam: বিটিআৰত সমষ্টি কৰ্তন হোৱাকলৈ চিন্তিত নহয় ইউ জি ব্ৰহ্ম

author img

By

Published : Dec 30, 2022, 10:49 AM IST

Constituency delimitation
বিটিআৰত সমষ্টি কৰ্তন হোৱাক লৈ চিন্তিত নহয় ইউ জি ব্ৰহ্ম

সমষ্টি পুনৰ গঠনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ইউ জি ব্ৰহ্মৰ (UG Brahma remarks on constituency delimitation)। তেওঁৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ আগতেই হ'ব লাগিছিল । সমষ্টি পুনৰ গঠন হ'লে বিটিআৰ অঞ্চলত ২ টা লোকসভা আৰু ১৪ টা বিধানসভা সমষ্টি হ'ব । হাগ্ৰামাক পুনৰ সক্ৰিয় হ'বলৈ আহ্বান জনাইছে ।

বিটিআৰত সমষ্টি কৰ্তন হোৱাক লৈ চিন্তিত নহয় ইউ জি ব্ৰহ্ম

ধুবুৰী,৩০ ডিচেম্বৰ : "সমষ্টি পুনৰ গঠন হ'লে বিটিআৰ অঞ্চলত দুটাকৈ লোকসভা সমষ্টি আৰু ১৪ টা বিধানসভা সমষ্টি আহিব । সমষ্টি কৰ্তন হোৱা নোহোৱাকলৈ আমি চিন্তিত নহয় । সমষ্টি পুনৰ নিৰ্ধাৰণ আগতেই হ'ব লাগিছিল ।" এই মন্তব্য বিটিআৰৰ নেতা তথা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ (UG Brahma remarks on constituency delimitation)। বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই । লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকো কিছু পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে । তেওঁ দাবী কৰা মতে আগন্তুক দহ বছৰলৈ বিটিআৰত বিপিএফৰ ক্ষমতা ঘূৰি নাহে ।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টি পুনৰ গঠনৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে (Constituency reschedule in Assam)। কিন্তু সৰ্বদলীয় বৈঠক অনুষ্ঠিত নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাক লৈ বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে । তেনে সময়তে ধুবুৰীৰ ব্ৰহ্ম বৰ্ডিং কম্প্লেক্স পৰিদৰ্শন কৰিবলৈ ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ইউজি ব্ৰহ্ম । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সমষ্টি পুনৰ গঠনক লৈ তেওঁলোক ইমান চিন্তিত নহয় (Minister UG Brahma welcome delimitation process)।

ইফালে নতুন বছৰ উপলক্ষে ৰাজ্যবাসীৰ উপৰিও বিশেষভাৱে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক শুভেচ্ছা আৰু পৰামৰ্শ দি হাগ্ৰামাক পুনৰ সক্ৰিয় হ'বলৈ আহ্বান জনায় মন্ত্ৰী ইউজি ব্ৰহ্মই (UG Brahma advises BPF leader Hagrama Mohilary)। আনকি বিপিএফ দল ক্ৰমাৎ নিষ্ক্ৰিয় হৈ আহিছে বুলি উল্লেখ কৰি বিৰোধী নিষ্ক্ৰিয় হৈ থাকিলে উন্নয়নৰ গতি কমি আহে বুলি তেওঁ মন্তব্য কৰে । বিপিএফৰ নেতা আৰু নীতিৰ বাবেই দলটোৰ সাংগঠনিক ভেটি দুৰ্বল হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

বিপিএফ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিপিএফ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তৰ প্ৰক্ৰিয়া অব্যাহত আছে । ইফালে হাগ্ৰামা মহিলাৰীৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে তেওঁ কয় যে হাগ্ৰামা মহিলাৰী আত্মগোপন কৰা নাই, হয়তো নতুন বছৰ উপলক্ষে কৰবাত পিকনিক কৰি আছে ।

বিটিআৰৰ স্কুল ইউনিফৰ্ম আৰু ষ্টেচনাৰী, ক্ৰীড়া সামগ্ৰী যোগানৰ ঠিকাক লৈ বিটিচি শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মৰ এক অদ্ভুত নিৰ্দেশক লৈ চিৰাঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা সন্দৰ্ভত মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় যে বিটিআৰৰ শিক্ষা ব্যৱস্থা বিটিআৰৰ শিক্ষা বিভাগে চাব । যদি তেনে কোনো অভিযোগ আছে তেন্তে তদন্ত কৰা হ'ব আৰু আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে বিটিআৰয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলত থকা ব্ৰহ্ম বৰ্ডিং কম্প্লেক্স পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ব্ৰহ্ম বৰ্ডিং কম্প্লেক্সত এটা বৃহৎ প্ৰজেক্ট হাতত লৈছে (UG Brahma inspects Brahma Boarding Complex)। যিখিনি ভূমি বেদখল হৈ আছে তাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা ল'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ তৎপৰ শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.