ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ তৎপৰ শাসক-বিৰোধী

author img

By

Published : Dec 29, 2022, 8:17 PM IST

Etv BharatConstituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ তৎপৰ শাসক-বিৰোধী

দিছপুৰত মন্ত্রী অশোক সিংঘালৰ বাসগৃহত বৃহস্পতিবাৰে মিত্রদলৰ বৈঠক। অংশ গ্ৰহণ মন্ত্রী অতুল বৰাৰ । সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, কিন্তু সমষ্টি বৃদ্ধি নহয় । সমষ্টি কোনো কাৰণতে নোহোৱা নহয়, সমষ্টিৰ নামটো সলনি হ'ব । এই মন্তব্য মন্ত্রী অশোক সিংঘালৰ ৷ ইফালে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ দিছপুৰৰ চৰকাৰী আৱাসত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ বৈঠক । বিধায়ক ৰকিবুল হুছেইনৰ অধ্যক্ষতাত ১২ জনীয়া এখন উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন ।

গুৱাহাটী,২৯ ডিচেম্বৰ: সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ আজি দিছপুৰত মন্ত্রী অশোক সিংঘালৰ বাসগৃহত মিত্রদলৰ এখন বৈঠক অনুষ্ঠিত হয় (Meeting at Minister Ashok Singhal residence) । বৈঠকত মিত্রদল অগপৰ মন্ত্রী অতুল বৰাই অংশ গ্ৰহণ কৰে । বৈঠকৰ অন্তত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্ত্রী অশোক সিংঘালক সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো চোৱাৰ বাবে দায়িত্ব দিছে আৰু সেইমৰ্মে আজি আলোচনা কৰা হৈছে । তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, কিন্তু সমষ্টি বৃদ্ধি নহয় ।

বিদেশী সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা বুলি উল্লেখ কৰি তেওঁ কয় যে আমি আগৰে পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী জনাই আহিছো । পাৰিলে সমষ্টি বৃদ্ধি হ'ব লাগে, কাৰণ জনসংখ্যা বৃদ্ধি পাইছে । তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্তক আদৰণি জনোৱা বুলি উল্লেখ কৰে (Minister Atul Bora welcome delimitation process) । ইফালে মন্ত্রী অশোক সিংঘালে কয় যে তেওঁক শোণিতপুৰ জিলাৰ দায়িত্ব দিয়া হৈছে । তেওঁ লগতে কয় যে সমষ্টি নোহোৱা হ'ব বুলি বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে । সমষ্টি কোনো কাৰণতে নোহোৱা নহয়, সমষ্টিৰ নামটো সলনি হ'ব ।

Constituency Delimitation
ৰাজনৈতিক মানচিত্ৰ সলনি হ'ব অসমৰ

নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে আৰু কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে লাভ-লোকচানৰ কথা এতিয়াই কোৱাটো সম্ভৱ নহ য়। বৈঠকত সাংসদ দিলীপ শইকীয়া, মন্ত্রী ৰঞ্জিত দাস আৰু বিধায়ক ফণীভূষণ চৌধুৰীকে ধৰি কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে । ইফালে আজি প্ৰদেশ কংগ্ৰেছৰো সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগকলৈ বৈঠক অনুষ্ঠিত হয় (Congress meeting on delimitation) ।

বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ দিছপুৰৰ চৰকাৰী আৱাসত হোৱা বৈঠকত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰে । উল্লেখ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো পৰ্যবেক্ষণ তথা পৰ্যালোচনা কৰাৰ বাবে বিধায়ক ৰকিবুল হুছেইনৰ অধ্যক্ষতাত ১২ জনীয়া এখন উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে । এই কমিটিখনে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দৃষ্টি ৰাখিব ।

লগতে নিৰ্বাচন আয়োগৰ সৈতেও যোগাযোগত থাকিব এই কমিটি । এই সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছৰ জিলা ভিত্তিটো একো একোখন ১১ জনীয়া কমিটি হ'ব । এই কমিটি সমূহক প্ৰশিক্ষণ দিয়া হ'ব । যাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সকলো দিশ জিলা ভিত্তিত কমিটিসমূহে পৰ্যবেক্ষণ কৰিব পাৰে ।
উল্লেখ্য যে অসমত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ভাৰতৰ নিৰ্বাচন আয়োগে কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ২০০১ৰ লোকপিয়লৰ ভিত্তিত হ’ব সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ ।

ৰাজ্য চৰকাৰে গঠন কৰিব নোৱাৰিব নতুন প্ৰশাসনিক গোট । ২০২৩ৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নিষেধাজ্ঞা । সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱালৈকে বাহাল থাকিব এই নিষেধাজ্ঞা । ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুসৰি লোকসভা আৰু বিধানসভা সমষ্টি সংৰক্ষণ ভাৰতীয় সংবিধানত ৩৩০ আৰু ৩৩২ ধাৰাৰ ভিত্তিত হ’ব (Election Commission of India) । নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ ৰূপৰেখা প্ৰস্তুত কৰিব । সমষ্টি নিৰ্ধাৰণৰ খচৰা নিৰ্বাচন আয়োগে ৰাজহুৱাকৈ প্ৰকাশ কৰিব আৰু সাধাৰণ লোকৰ লগতে বিভিন্ন পক্ষৰ পৰা ল’ব অভিযোগ আৰু পৰামৰ্শ ।

২০২২ চনৰ ১৫ নৱেম্বৰত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে নিৰ্বাচন আয়োগক অসমৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । ভাৰতীয় সংবিধানৰ ৰিপ্ৰেজেণ্টেচন অব দ্যা পিপলছ এক্ট ১৯৫০ৰ ছেক্সন 8 Aৰ অধীনত অনুষ্ঠিত হ’ব সমষ্টি পুনৰনিৰ্ধাৰণ । ইয়াৰ পূৰ্বে ১৯৭১চনৰ লোকপ্ৰিয়লৰ ভিত্তিত ১৯৭৬চনত অসমত হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ । প্ৰায় পাঁচ দশকৰ মূৰত হ’বলৈ গৈ আছে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম । ভাৰতীয় সংবিধানৰ ৩৩০ আৰু ৩৩২ নং অনুচ্ছেদ অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ সকলো দল-সংগঠনে আদৰণি জনাইছে সকলোৱে খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক: MS Prabhakar Passed Away: অসমভূমিত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা এম এছ প্ৰভাকৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.