ETV Bharat / state

Suspicious beef seized: এইবাৰ ৰাজ্যত জব্দ সন্দেহজনক কটা গো মাংস

author img

By

Published : Aug 16, 2023, 8:26 PM IST

Suspicious beef seized in Gauripur, Dhubri
গো মাংসৰ ছিণ্ডিকেট

ধুবুৰীৰ গৌৰীপুৰত সন্দেহজনক গো-মাংস জব্দ । ম’হৰ মাংসৰ নাম লৈ চোৰাংভাৱে গো-মাংস সৰবৰাহৰ অভিযোগ ।

গো মাংসৰ ছিণ্ডিকেট

ধুবুৰী, 16 আগষ্ট : এইবাৰ কটা গো-মাংসৰ ছিণ্ডিকেট । পশ্চিম বংগৰ পৰা অসমলৈ আহে কটা মাংস । কোনে অনুমতি দিলে কটা মাংস আনিবলৈ ? ধুবুৰীৰ গৌৰীপুৰত মাংস ভৰ্তি এখন বাহনক লৈ সৃষ্টি হৈছে ৰহস্যৰ । বেপাৰীক আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে ।

গৌৰীপুৰ আৰক্ষীয়ে আটক কৰা WB73B 7977 নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত ওলাইছে কটা মাংস । কিন্তু সেই মাংস গো মাংস নে ম’হৰ মাংস এতিয়ালৈকে স্পষ্ট হোৱা নাই । আৰক্ষীয়ে প্ৰথমে গো মাংস বুলি আটক কৰে যদিও পিচত বেপাৰীয়ে সেইয়া ম’হৰ মাংস বুলি দাবী কৰে ।

গৌৰীপুৰ আৰক্ষী থানাত গৌৰীপুৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লোক উপস্থিত হৈ মাংস সংগ্ৰহ কৰে । পশুপালন বিভাগো চিন্তিত হৈ পৰিছে কটা মাংসক লৈ । প্ৰশ্ন উত্থাপন হৈছে কোনে কিহৰ ভিত্তিত দিছে মাংস কঢ়িওয়াৰ অনুমতি ? সঁচাকৈ ম’হৰ মাংসৰ নামত একাংশই চলাই আছে নেকি গৰুৰ মাংসৰ চোৰাং কাৰবাৰ ?

গৰুৰ চোৰাং বেপাৰীৰ এয়া নতুন নতুন কৌশল নেকি বুলিও প্ৰশ্ন উদয় হৈছে সচেতন মহলত । মাংসখিনি কিমান স্বাস্থ্য সন্মত তাক লৈয়ো সন্দেহ উপজিছে । মাছৰ কাৰ্টনত মাংস কিয় ? চৰকাৰী অনুমতি আছে নে সেয়াও প্ৰশ্নৰ বিষয় ? জিলা প্ৰশাসনৰ জ্ঞাতানুসাৰে চলিছে নেকি এই কটা মাংসৰ চোৰাং সৰবৰাহ, তাকো লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত ।

লক্ষ্যণীয় বিষয় যে, ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ হৈ থকা সময়তে একাংশ চক্ৰই পশ্চিম বংগৰ পৰা এইদৰে গো-মাংস ধুবুৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰা আৰম্ভ কৰিছে । এতিয়া আৰক্ষীৰ তদন্তত কি ধৰণৰ তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Drugs seized: গৌৰীপুৰত ড্ৰাগছ সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.