Drugs seized: গৌৰীপুৰত ড্ৰাগছ সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Aug 14, 2023, 7:19 PM IST

thumbnail

ধুবুৰী, 14 আগষ্ট : ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। এটাৰ পিচত আনটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ অহাৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ প্ৰচলন তথা ড্ৰাগছৰ বেহা।

সোমবাৰে ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায় । আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলায় গৌৰীপুৰৰ জালাল হাজি ৰোড পূবেৰ গাঁৱত। 

গাঁওখনৰ 13 নং ৱাৰ্ডৰ ছফিকুল হুছেইন ওৰফে বাবলুৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। লগতে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকা ছফিকুলক আটক কৰিবলৈ সক্ষম হয় গৌৰীপুৰ আৰক্ষীয়ে । ধৃত ছফিকুল হুছেইন ওৰফে বাবলুৰ পৰা আৰক্ষীয়ে প্ৰায় 6 হাজাৰ নিচাজাতীয় টেবলেট আৰু বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। 

অভিযোগ অনুসৰি ধৃত ছফিকুল ইছলামে দীৰ্ঘ দিনৰে পৰাই গৌৰীপুৰৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছে। সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Thieves detained: মঙলদৈ থানাত ওলাইছে দমে দমে চুৰি সামগ্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.