ETV Bharat / state

এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 18, 2021, 3:31 PM IST

বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনষ্ঠ 2398 নং বি/ বৰুৱাৰঝাৰ মিলন এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰুস্তম আলী আহমেদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ শিক্ষাৰ্থীসকলৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল, বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

public protest against former head teacher at bilasipara
প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পশ্চিম বিলাসীপাৰা, 18 আগষ্ট : ক’ভিড(Covid) সৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ ৷ ইয়াৰ যেন পূৰ্ণ সুযোগ লৈছে বিলাসীপাৰাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষকে ৷ শিক্ষাৰ্থীসকলৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল, দাইল, বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বাবে অহা ধন নিজৰ পকেটত ভৰাইছে প্ৰাক্তন প্ৰধান শিক্ষকজনে ৷

কিছুদিন পূৰ্বে চাকৰিৰ পৰা অৱসৰ লয় বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্থ 2398 নং বি/বৰুৱাৰঝাৰ মিলন এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰুস্তম আলী আহমেদে ৷ প্ৰাক্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযুক্ত প্ৰধান শিক্ষকজনৰ এই কাৰ্যৰ বিৰুদ্ধে মঙলবাৰে বিদ্যালয় চৌহদত প্ৰতিবাদ(Protest)ত নামে শতাধিক ৰাইজ ৷

প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়ক : বেকী নৈৰ দলঙৰ তলত কি চলে দিনে-নিশাই ?

প্ৰাক্তন প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ৷ ৰাইজৰ অভিযোগ অনুসৰি, অৱসৰ গ্ৰহণৰ পূৰ্বে প্ৰাক্তন প্ৰধান শিক্ষকজনে বিদ্যালয়খনৰ নামত চৰকাৰে মঞ্জুৰী দিয়া আন্তঃগাঁথনিৰ ধন, মধ্যাহ্ন ভোজনৰ চাউল, ধন আদি সমূদায় বিদ্যালয়খনৰ সভানেত্ৰী জেচমিনা বেগমৰ সৈতে মিলি আত্মসাৎ কৰিছে ৷

এই ক্ষেত্ৰত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই | সেয়েহে মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে প্ৰতিবাদী ৰাইজে ৷

লগতে পঢ়ক : সপোন বিয়াৰ : প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.