বেকী নৈৰ দলঙৰ তলত কি চলে দিনে-নিশাই ?

author img

By

Published : Aug 18, 2021, 8:07 AM IST

unsocial activities at kalgachia

কলগাছিয়াৰ কৰাৰকুৰত বেকী নৈৰ(Beki River) দলঙৰ তলত অনৈতিক কাৰ্যত লিপ্ত একাংশ যুৱক ৷ দলঙৰ তলত থকা এটা সুৰংগত এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দৈনিক নিচাযুক্ত দ্ৰব্য সেৱন কৰে একাংশ যুৱকে ৷ শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য ৷

জনীয়া, 18 আগষ্ট : কলগাছিয়া থানাৰ অন্তৰ্গত শওপুৰ কৰাৰকুৰত পোহৰলৈ আহিছে এক দুষ্কাৰ্য সংঘটিত হোৱাৰ ঘটনা ৷ বেকী নৈৰ(Beki River) দলঙৰ তলেৰে দিনে-নিশাই সংঘটিত হয় অনৈতিক কাৰ্য-কলাপ ৷ দলংখনৰ তলত থকা জয়েজৰ ওপৰ অংশত দলঙৰ সমপৰিমাণে দীঘলীয়া এটা সুৰংগ আছে । ঘাইপথ বা দলঙৰ পৰা এই সুৰংগটো সাধাৰণতে দেখা পোৱা নাযায় ৷

জানিব পৰা মতে, নৈ আৰু দলঙৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা একাংশ যুৱকে সাধাৰণ লোকৰ চকুত ধূলি মাৰি সুৰংগৰ ভিতৰত সোমাই মদ, ভাং, আফিং আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰে ৷ মঙলবাৰে এই দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজে বিষয় সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷

বেকীৰ সুৰংগ হৈ পৰিছে অনৈতিক কাৰ্যৰ আড্ডাস্থলী

লগতে পঢ়ক : পুনৰ মহানগৰ আৰক্ষীৰ ফান্দত Drugs Peddler

সচেতন মহলে দলঙৰ সমীপত চোকা পহৰা দি যুৱ প্ৰজন্মক এনেকুৱা অনৈতিক কামৰ পৰা ৰক্ষা কৰিবলৈ কলগাছিয়া আৰক্ষীক আহ্বান জনায় ৷ ইয়াৰ লগতে ঠাইখিনি সৌন্দৰ্যকৰণ কৰি পৰ্যটনথলীলৈ উন্নীত কৰিবলৈও বৰপেটা জিলা প্ৰশাসন(Barpeta District Administration) আৰু অসম চৰকাৰক(Assam Govt) দাবী জনায় ৷

উত্তৰ শালমাৰাৰ পৰা আমিনগাঁও সংযোগী ৰাজ্যিক বিকল্প ঘাইপথত বেকী নৈত দলংখন নিৰ্মাণ হোৱাৰ পাচতে দৈনিক সহস্ৰাধিক ৰাইজে নৈ আৰু দলঙৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যায় ৷ ইয়াৰ মাজতে একাংশই চলাই নিয়া এই অনৈতিক কৰ্ম-কাণ্ড শেহতীয়াকৈ বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷ ইয়াৰ আগলৈকে এই কাণ্ডৰ বিষয়ে অজ্ঞাত হৈ আছিল বৰপেটা আৰক্ষী-প্ৰশাসন ৷ ঘটনাক লৈ অধিক চিন্তিত হৈ পৰিছে স্থানীয় সচেতন লোক ৷

লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.