ETV Bharat / state

Cattle smuggling in Dhubri: বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ 7 টাকৈ গৰু

author img

By

Published : Jan 30, 2022, 12:20 PM IST

seven-cattle-seized-at-dhubri
ধুবুৰীত চোৰাংকৈ অনা গৰু জব্দ

সমগ্ৰ ৰাজ্য়ৰ লগতে ধুবুৰীতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Cattle smuggling in Assam) ৷ ধুবুৰীত বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাঁওতেই আৰক্ষীয়ে জব্দ কৰিলে 7 টাকৈ গৰু ৷

ধুবুৰী, 29 জানুৱাৰী : দীৰ্ঘদিন ধৰি অসমত চলি থকা অবৈধ বেহা সমূহৰ ভিতৰত গৰুৰ চোৰাং বেহা অন্যতম ৷ বিশেষকৈ বাংলাদেশৰ সীমান্ত অঞ্চলত ব্যাপক ৰূপত অব্যহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ অসম চৰকাৰে শেহতীয়াকৈ গো-সুৰক্ষা আইন 2021 (Cattle Preservation Act 2021) বলৱৎ কৰিছে যদিও ফলপ্ৰসূ হৈ উঠা নাই এই আইন ৷ কিয়নো ৰাজ্য চৰকাৰে কঠোৰ আইন বলৱৎ কৰাৰ পিছতো ৰাজ্যত চিণ্ডিকেট চক্ৰই গৰুৰ চোৰাং সৰবৰাহ(Cattle smuggling in Assam) অব্যাহত ৰাখিছে ।

শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী আৰক্ষীয়ে চোৰাংকৈ অনা ৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ শিলঘাগৰী অঞ্চলৰ পৰা এখন টুলুঙা নাৱত গৰু কেইটা উঠাই বাংলাদেশলৈ নিয়াৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে (Boat seized with cattle in Dhubri) ।

কিন্তু ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ ASI দেৱান ৰহিজ উদ্দিনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই চোৰাংকৈ অনা ৭ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই ব্যৱসায়ৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

উল্লেখ্য যে, আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যৰ বহু কেইগৰাকী গো-মাফিয়াক আটক কৰিছে ৷ এনকাউন্টাৰো হৈছে গো-মাফিয়াৰ বিৰুদ্ধে ৷ কিন্তু কোনোমতেই যেন ৰোধ কৰিব পৰা নাই এই চোৰাং কাৰোবাৰ ৷ কেৱল ধুবুৰী বা ভাৰত-বাংলাদেশ সীমান্তৰ জিলা কেইখনেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায়েই উদ্ধাৰ হয় চোৰাংভাৱে সৰবৰাহ কৰা গৰু ৷

লগতে পঢ়ক : Illegal Cattle smuggling: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.