ETV Bharat / state

Delimitation in Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জিলা বিলুপ্তিকৰণ প্ৰসংগত দুই বিধায়কৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 5, 2023, 10:24 AM IST

Two MLAs reacted on constituency rescheduling and dissolution of district
সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জিলা বিলুপ্তিকৰণক লৈ বিধায়কৰ প্ৰতিক্ৰিয়া

অসমৰ নতুনকৈ গঠন হোৱা চাৰিখনকৈ জিলা বিলুপ্তিকৰণক (4 districts have been abolished) লৈ ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিবাদৰ জুই জ্বলি আছে ৷ অসম বিধানসভাৰ এষ্টিমেটচ কমিটিৰ কামত ধুবুৰীত উপস্থিত বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকন(BJP MLA Prashanta Phukan)আৰু ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (AIUDF MLA Aminul Islam) এই সন্দৰ্ভত সাংবাদিকৰ আগত কৰিলে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জিলা বিলুপ্তিকৰণক লৈ বিধায়কৰ প্ৰতিক্ৰিয়া

ধুবুৰী, 5 জানুৱাৰী: "এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্বাচন আয়োগে (Election commission) নিজৰ প্ৰক্ৰিয়া অনুসৰি কৰিব ৷ ইয়াত মই বিচাৰিলেও নহ’ব, কংগ্ৰেছে বিচাৰিলেও নহ’ব ৷ এতিয়ালৈ নেম কাষ্টিঙে হোৱা নাই, চিনেমাখন কৰিবলৈ আছেই ৷ চিনেমাখন নোচোৱাকৈ আপোনালোকে ক’বটো নোৱাৰিব চিনেমাখন ভাল হৈছে নে বেয়া হৈছে ৷ জিলাকেইখন আমিয়েই বনাইছিলো, আমিয়েই ভাঙিছো ৷ আমি যদি প্ৰক্ৰিয়াক্ৰমে সকলোবোৰ কাম নিয়াৰিকৈ কৰো আগন্তুক দিনত ৰাজনৈতিকভাৱে এখন সুন্দৰ অসম গঢ়ি উঠিব ৷ নাও চলি গ’লে কাষেদি মেটেকা পাৰ হৈ গ’ল বুলিয়েই নাওখন ৰৈ আছে নেকি ? নাওখন আগবাঢ়ি গৈয়েই থাকিব, মেটেকাও পাৰ হৈ গৈয়েই থাকিব ৷" বুধবাৰে অসম বিধানসভাৰ এষ্টিমেটচ্ কমিটিৰ এটি সঁজাতি দল ধুবুৰীত উপস্থিত হোৱাৰ পাছত এই মন্তব্য প্ৰকাশ কৰে কমিটিৰ অধ্যক্ষ তথা বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে (BJP MLA Prashanta Phukan react to constituency delimitation) ৷

উল্লেখ্য যে অসমৰ নতুনকৈ গঠন হোৱা চাৰিখনকৈ জিলা বিলুপ্তিকৰণক (4 districts have been abolished) লৈ ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উক্ত জিলাকেইখনত প্ৰতিবাদৰ জুই জ্বলি আছে ৷ ৰাজনৈতিক লাভালাভৰ বাবে শাসকীয় দলটোৱে চাৰিখনকৈ জিলা হঠাৎ বিলুপ্তিকৰণ কৰিলে বুলি দল সংগঠনকে ধৰি বিভিন্ন মহলত চৰ্চা তথা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে ৷ ইয়াৰ মাজতে শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনে কৰা উপৰুক্ত মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আনহাতে একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবেই চাৰিখনকৈ জিলা বাতিল কৰাৰ লগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাৰ চেষ্টা চলোৱা হৈছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (AIUDF MLA Aminul Islam)।

বিধায়কগৰাকীয়ে কয় যে ২০০৭ চনত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সন্মিলিতভাৱে উচ্চতম ন্যায়ালয়লৈ গৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰা হৈছিল ৷ লগতে এন আৰ চি সম্পন্ন নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নোৱাৰিব ৷ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ নহ’ব বুলি স্পষ্টভাৱে উল্লেখ আছিল প্ৰতিবেদনখনত ৷ লগতে ২০০১ চনৰ জৰীপ অনুযায়ী সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো কোনো ক্ষেত্ৰতেই যুক্তিসংগত নহয় (Constituency Delimitation in Assam)৷

বিজেপিয়ে দলৰ কেইজনমান নেতাৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে আৰু চাৰিখন জিলা বিলুপ্তিকৰণ কৰা হৈছে বুলি উল্লেখ কৰিলে এ আই ইউ ডি এফ বিধায়কগৰাকীয়ে ৷ লগতে উল্লেখ কৰিলে, বিজেপিয়ে একমাত্ৰ ভোটবেংকৰ ৰাজনীতি কৰি আছে ৷ সেই অঞ্চলসমূহৰ ৰাইজে বহু আন্দোলন কৰি জিলাকেইখন পাবলৈ সক্ষম হৈছিল ৷ কেৱল দল সংগঠন বুলি নহয় ৰাইজৰ মতমাতৰ গুৰুত্ব নাই নেকি (AIUDF MLA Aminul Islam slams BJP)?"

লগতে পঢ়ক: ‘24 Lok Sabha Election: ২০২৪ৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে বিজেপি-কংগ্ৰেছৰ মহিলা ব্ৰিগেডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.