‘24 Lok Sabha Election: ২০২৪ৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে বিজেপি-কংগ্ৰেছৰ মহিলা ব্ৰিগেডে

author img

By

Published : Jan 4, 2023, 10:49 PM IST

Updated : Jan 5, 2023, 6:57 AM IST

‘24 Lok Sabha Election

2024চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই সাজু হৈছে সকলো ৰাজনৈতিক দল ৷ ‘24 নিৰ্বাচনত শাসক-বিৰোধী উভয়তে কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈয়ো অব্যাহত আছে জল্পনা-কল্পনা ৷ ইয়াৰ মাজতে চৰ্চালৈ আহিছে বহুকেইগৰাকী মহিলা প্ৰাৰ্থীৰ নাম ৷

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ টঙালী বান্ধিছে বিজেপি-কংগ্ৰেছৰ মহিলা বিগ্ৰেডে

গুৱাহাটী,৪ জানুৱাৰী: ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ(Lok Sabha Election 2024) মাজত মাথোঁ এটা বছৰ বাকী ৷ অসমতো সকলো ৰাজনৈতিক দলেই প্ৰায় এবছৰমানৰ পূৰ্বৰে পৰা আৰম্ভ কৰিছিল লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ(Preparation for 2024 Lok Sabha Election) ৷ কিন্তু অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ(Constituency delimitation) প্ৰক্ৰিয়াই ৰাজ্যত বিজেপিৰ বাদে আন ৰাজনৈতিক দলৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত বাৰুকৈয়ে আউল লগাইছে ৷

কোনো কোনো ঠাইত নতুন ৰাজনৈতিক সমীকৰণ কৰিবলগীয়া হৈছে বিজেপিয়েও(Assam BJP) ৷ তথাপি থমকি ৰোৱা নাই অসমৰ ৰাজনীতিকসকল ৷ বিশেষকৈ তৎপৰতা দেখা গৈছে শাসকীয়-বিৰোধী দলৰে বহুসংখ্যক মহিলা ৰাজনীতিকে ককালত টঙালী বান্ধিছে ২০২৪ৰ বাবে ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ভালেসংখ্যক মহিলা ৰাজনীতিকে নিজৰ পচন্দৰ সমষ্টি বাচি লৈছে ৷ কেৱল সমষ্টি বাচিয়েই বহি থকা নাই এইসকল মহিলা ৰাজনীতিক ৷

কি বিজেপি, কি বিৰোধী কংগ্ৰেছ, দুয়ো দলৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মহিলাসকলে আৰম্ভ কৰিছে বাচি লোৱা সমষ্টিত দলীয় সাংগঠনিক কাম-কাজো ৷

BJPৰ পৰা কোন কোন সাজু হৈছে?

অসমৰ ১৪ আসনৰ ভিতৰত ১১ খন আসনত ২০১৯ত প্ৰাৰ্থী দিছিল বিজেপিয়ে ৷ ১১ খন আসনৰ মাত্ৰ এখন আসনতহে মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ গুৱাহাটী লোকসভা আসনখনত প্ৰাৰ্থিত্ব লাভ কৰি জয় লাভ কৰিছিল কুইন ওজাই(Queen Oja) ৷ সেয়ে স্বাভাৱিকতেই পুনৰ গুৱাহাটী লোকসভা আসনখনত নিৰ্বাচন খেলিবলৈ সাজু হৈছে কুইন ওজা ৷ কুইন ওজাৰ মন্তব্য, ‘‘ দলে প্ৰাৰ্থিত্ব দিলে পুনৰ নিৰ্বাচন খেলিম ৷’’ কিন্তু কৰ্ম প্ৰদৰ্শন আৰু বয়স দুয়োটাই বাধা হ’ব কুইন ওজাৰ(BJP Female Candidate for 2024 Lok Sabha Election) ৷

লোকসভা নিৰ্বাচন খেলিবলৈ পূৰ্ণ প্ৰস্তুতিত নামিছে আন দুগৰাকী বিজেপি নেত্ৰী ৷ তেঁওলোক হ’ল, বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী বিজুলী কলিতা মেধি(Bijuli Kalita Medhi) আৰু বৰ্তমানৰ সভানেত্ৰী আঙুৰলতা ডেকা(Angoorlata Deka) ৷ এওঁলোক দুয়োগৰাকীৰে পচন্দৰ সমষ্টি গুৱাহাটী ৷ দুয়োৱে গুৱাহাটী লোকসভা সমষ্টিত দলীয় সাংগঠনিক কাম-কাজত নামি পৰিছে পূৰ্ণোদ্যমে ৷ এতিয়া গুৱাহাটী লোকসভা সমষ্টিত তিনিগৰাকীকৈ মহিলা প্ৰাৰ্থিত্ব প্ৰয়াসী বিজেপিৰ ৷

লগতে, প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়োৱেও(Rekha Rani Das Boro) মন মেলিছে কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিবলৈ ৷ কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কোকৰাঝাৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা তুংগত আছে ৷

কোন কোন সাজু হৈছে কংগ্ৰেছৰ পৰা?

ইফালে, কংগ্ৰেছৰ পৰাও ২০২৪ৰ বাবে সাজু হৈছে কেইবাগৰাকীও মহিলা ৰাজনীতিক ৷ চৰ্চালৈ আহিছে দুটা বিশেষ নাম ৷ দুয়োৰেই পচন্দৰ সমষ্টি গুৱাহাটী ৷ তেওঁলোক প্ৰাক্তন সাংসদ তথা বিতৰ্কিত ৰাজনীতিবিদ ৰাণী নৰহ(Ranee Narah) আৰু সাম্প্ৰতিক সময়ৰ যথেষ্ট সক্ৰিয় ৰাজনীতিক মীৰা বৰঠাকুৰ(Meera Borthakur) ৷ দুয়ো সাজু হৈছে গুৱাহাটী সমষ্টিৰ(Guwahati Lok Sabha Constituency) পৰা লোকসভাত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ(Congress Female candidate for 2024 election) ৷

ৰাণী নৰহৰ মন্তব্য, “ৰাজনীতি মোৰ তেজত আছে ৷ নিৰ্বাচন খেলিবলৈ মই সাজু ৷” আনগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী মীৰা বৰঠাকুৰে ক’লে, “ৰাইজৰ লগত থাকি মই ভাল পাওঁ, সেয়ে দলে বিচাৰিলে নিৰ্বাচন খেলিবলৈ মানসিকভাৱে মই প্ৰস্তুত ৷ কিন্তু নিৰ্বাচন খেলাটোৱেই মই ৰাজনীতি কৰাৰ একমাত্ৰ উদ্দেশ্য নহয় ৷” কিন্তু এতিয়া সময়েহে ক’ব ২০২৪ত কোন কোন মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰি দিল্লীলৈ যাত্ৰা কৰিব ৷

লগতে পঢ়ক: Mission Basundhara: বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ: উপমন্যু হাজৰিকাৰ অভিযোগ

Last Updated :Jan 5, 2023, 6:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.