ETV Bharat / state

HIV Scenario in Dhubri: ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে মাৰাত্মক এইচ আই ভি

author img

By

Published : Jun 26, 2023, 10:57 PM IST

HIV cases Increased Drastically in Dhubri
ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে এইচ আই ভি

ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে মাৰাত্মক এইচ আই ভি ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত মাহত ড্ৰাগছ সেৱানকাৰী সকলৰ ভিতৰত 14 জনকৈ যুৱকৰ দেহত ধৰা পৰিছে মাৰাত্মক HIV পজিটিভ ৷

14 জনকৈ যুৱকৰ দেহত ধৰা পৰিছে মাৰাত্মক HIV

ধুবুৰী, 26 জুন: ধুবুৰীত দ্ৰুতগতিত সংক্ৰমিত হৈছে মাৰাত্মক এইচ আই ভি ৷ ড্ৰাগছ সেৱানকাৰীৰ দেহত সংক্ৰমিত হোৱা এইচ আই ভি পজিটিভৰ সংখ্যা 1200 তকৈো অধিক ৷

মাৰাত্মক ড্ৰাগছৰ কৱলত নৱ প্ৰজন্মৰ একাংশ ৷ ড্ৰাগছ সেৱন কৰা শ শ নৱ প্ৰজন্ম গতি কৰিছে অন্ধকাৰ ভৱিষ্যতলৈ ৷ ড্ৰাগছ সেৱনকাৰী আক্ৰান্ত হৈছে মাৰাত্মক HIV ৰোগত ৷ ধুবুৰী তথা ৰাজ্যৰ নৱ প্ৰজন্মৰ বাবে ই এক ভয়ংকৰ খবৰ ৷

ড্ৰাগছৰ কবলত পৰিছে দেশৰ ভৱিষ্যত নৱ প্ৰজন্ম ৷ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পিছৰে পৰাই ৰাজ্যজুৰি অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে ৷ ধাৰাবাহিক ভাবে ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সময়ে সময়ে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ কিন্তু ইয়াৰ পিচতো ৰাজ্যত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ ৷ যাৰ বাবে নৱ প্ৰজন্মই মাৰাত্মক ড্ৰাগছৰ কবলত পৰি গতি কৰিছে অন্ধকাৰ ভৱিষ্যতলৈ ৷

ড্ৰাগছৰ কবলত পৰি একাংশ ঘূণীয়া হৈছে চিৰদিনৰ বাবে ৷ পৰিয়াল তথা সমাজত সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ ৷ এইবাৰ ধুবুৰীত ইয়াতকৈ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত মাহত ড্ৰাগছ সেৱানকাৰী সকলৰ ভিতৰত 14 জনকৈ যুৱকৰ দেহত ধৰা পৰিছে মাৰাত্মক HIV পজিটিভ ৷ আনকি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহলৈ ড্ৰাগছ সেৱানকাৰীৰ লগতে 2 গৰাকী গৰ্ভৱতী মহিলাসহ মুঠ 48 জনকৈ যুৱকৰ দেহত ধৰা পৰিছে মাৰাত্মক HIV পজিটিভ ৷ তদুপৰি বৰ্তমানলৈকে জিলা খনত 1200 তকৈ অধিক লোক ড্ৰাগছৰ কৱলত পৰি আক্ৰান্ত হৈছে HIV পজিটিভ ৰোগত ৷

কিন্ত আৰক্ষী তথা প্ৰশাসনে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তো নিষিদ্ধ ড্ৰাগছৰ বেহা আৰু ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে জিলাখনৰ ভিন্ন প্ৰান্তত ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে দাহ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.