ETV Bharat / state

AKRSU protest: গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ, আৰক্ষীৰ লাঠিচালনা

author img

By

Published : Dec 23, 2022, 6:33 PM IST

AKRSU protest
গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ, আৰক্ষীৰ লাঠিচালনা

জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠিচালনা ৷ কেইবাগৰাকীও প্ৰতিবাদকাৰীকো আটক আৰক্ষীৰ ৷

গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ, আৰক্ষীৰ লাঠিচালনা

ধুবুৰী, 23 ডিচেম্বৰ: ধুবুৰীৰ গোলকগঞ্জত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে (Golakganj AKRSU protest)। কোচ ৰাজবংশীক জনজাতিকৰণ(ST status to Koch Rajbongshi) আৰু পৃথক কমতাপুৰ ৰাজ্য(Separate Kamtapur State) গঠনৰ দাবীত এই ১২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী আক্ৰাছুৱে ৰূপায়ণ কৰে । গোলকগঞ্জৰ 17নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, BJP Go back, কমতাপুৰ লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আক্ৰাছুৱে ৷

আৰক্ষীৰ বিশাল বাহিনী প্ৰতিবাদস্থলীত উপস্থিত হৈ পথ মুকলিৰ বাবে প্ৰতিবাদকাৰীক আহবান জনায় যদিও প্ৰতিবাদকাৰীয়ে নিজৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত বহি অব্যাহত ৰাখে প্ৰতিবাদ । ইয়াৰ পিছতেই আৰক্ষীয়ে বাধ্য হৈ প্ৰতিবাদীকাৰীৰ ওপৰত লাঠিচালনা কৰে (Police Lathi Charge) ৷ লাঠিচালনাৰ লগতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে(Police arrested protesters) ৷

লগতে পঢ়ক: First Muslim girl IAF pilot: ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠন আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্তি কৰণৰ দাবীত গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ।

উল্লেখ্য যে, কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণৰ(Demand of ST status) লগতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিনে আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । এইক্ষেত্ৰত ৰাজ্য(Assam government) তথা কেন্দ্ৰীয় চৰকাৰে(Central Government) কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ বাবে পুনৰ শুকুৰবাৰে আক্ৰাছুৱে পথ অৱৰোধ(Road Blocked by AKRSU) কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷

ইফালে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ প্ৰসংগক নসাৎ কৰাৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আক্ৰাছুৰ বৰপেটা জিলা সমিতিয়ে ৷ প্ৰমোদ বড়োক ৰাজনৈতিক ভাৱে প্ৰত্যু্ত্তৰ দিয়াৰো হুংকাৰ দিছিল আক্ৰাছু বৰপেটা জিলা সমিতিয়ে ৷

লগতে পঢ়ক: AKRSU protest: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.