First Muslim girl IAF pilot: ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

author img

By

Published : Dec 23, 2022, 4:11 PM IST

First Muslim girl IAF pilot

মিৰ্জাপুৰৰ ছানিয়া মিৰ্জা হ’ল ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট ৷ এটি সাধাৰণ পৰিয়ালত জন্ম হোৱা ছানিয়া মিৰ্জাৰ এই সফলতা এতিয়া দেশজুৰি চৰ্চাত ৷ নিজৰ অধ্যৱসায়ৰ ফলত এই সফলতা অৰ্জন কৰিছে ছানিয়াই ৷ ছানিয়াৰ সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো ৷

ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

নিউজ ডেস্ক. 23 ডিচেম্বৰ: যদিহে প্ৰৱল একাগ্ৰতা, অধ্যৱসায় আৰু আত্ম বিশ্বাস থাকে তেন্তে কোনো কামেই মানুহৰ বাবে অসম্ভৱ নহয় ৷ ইচ্ছা থাকিলে সকলো কামেই সম্ভৱ কৰি তুলিব পাৰি ৷ সেই কথাকে যেন পুনৰ প্ৰমাণ কৰি দেখুৱালে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এগৰাকী যুৱতি ছানিয়া মিৰ্জাই(Saniya Mirza) ৷

নিজৰ অধ্যৱসায়ৰ ফলত ভাৰতৰ প্ৰথমগৰাকী মুছলমান ‘যুঁজাৰু বিমান পাইলট’ আৰু ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ‘ফাইটাৰ জেট’ পাইলট হ’ল ছানিয়া মিৰ্জা(First Muslim girl IAF pilot) ৷ ছানিয়াৰ এই সফলতা আৰু আৰোহণ এতিয়া দেশজুৰি চৰ্চাত ৷

অতি সাধাৰণ ঘৰত জন্ম লাভ কৰিছিল ছানিয়া মিৰ্জাই ৷ ছানিয়াৰ পিতৃ আছিল এগৰাকী সাধাৰণ টিভি মেৰামতি কৰা ব্যক্তি ৷ মিৰ্জাপুৰৰ জাচোভাৰ নামৰ গাঁওখনৰ(Jasovar village of Mirzapur) বাসিন্দা ছানিয়া মিৰ্জাই NDA(National Defense Academy) ৰ পৰীক্ষাত 149তম স্থান লাভ কৰি ভাৰতীয় বায়ু সেনাত(Indian Air Force) দেশৰ প্ৰথম গৰাকী মুছলমান ছোৱালী যুঁজাৰু পাইলট(First Muslim woman Fighter jet pilot) হিচাপে নিৰ্বাচিত হৈছে । ছানিয়াৰ এই সফলতাত কেৱল তেওঁৰ গাঁওবাসীয়েই নহয়, সমগ্ৰ দেশবাসী আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য 27 ডিচেম্বৰত ছানিয়াই যোগদান কৰিব কৰ্মত ৷

হিন্দী মাধ্যমত অধ্যয়ক কৰা ছানিয়াই এই সফলতা লাভ কৰি কয় যে, ‘‘হিন্দী মাধ্যমত পঢ়িলেও সংকল্পবদ্ধ হ’লে সফলতা অৰ্জন কৰিব পাৰি’’ ৷ প্ৰাথমিক পৰ্যায়ৰ পৰা দশম শ্ৰেণীলৈ ছানিয়াই নিজ গাঁৱৰে বিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ দশম উত্তীৰ্ণ হোৱাৰ পিছতে ছানিয়াই ‘গুৰু নানক গাৰ্লছ ইণ্টাৰ কলেজ’ত নামভৰ্তি কৰে ৷

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকত শীৰ্ষস্থান লাভ কৰিছিল ছানিয়া মিৰ্জাই ৷ ইয়াৰ পিছতেই Centurion Defense Academy ত প্ৰস্তুতি আৰম্ভ কৰিছিল ছানিয়াই ৷ পৰৱৰ্তী পৰ্যায়ত NDAত 2022 চনত দ্বিতীয় প্ৰচেষ্টাৰ অন্তত স্থান লাভ কৰি এই সফলাতা অৰ্জন কৰে ছানিয়া মিৰ্জাই ৷

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ(NDA) 2022ৰ পৰীক্ষাত পুৰুষ আৰু মহিলাৰ বাবে 400 খন আসন আছিল । য'ত মহিলাসকলৰ বাবে 19 খন আসন আছিল, আৰু দুখন আসন যুঁজাৰু পাইলটৰ বাবে সংৰক্ষিত আছিল । এই দুখন আসনত ছানিয়াই তেওঁৰ প্ৰতিভাৰ বলত দ্বিতীয় প্ৰচেষ্ঠাত স্থান লাভ কৰে ৷

ছানিয়াৰ এই সফলতা অনুপ্ৰেৰণা হৈ পৰিছে দেশৰ হাজাৰ হাজাৰ যুৱতী-মহিলাৰ বাবে ৷ মহিলাসকল যে কোনো কামতেই পিছ পৰি নাথাকে তাকেই প্ৰমাণ কৰি দেখুৱালে ছানিয়া মিৰ্জাই ৷

লগতে পঢ়ক: Arunodoi Scheme Form: মুছলমান সম্প্ৰদায়ৰ মহিলাক অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ নিদিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.