ETV Bharat / state

AKRSU protest: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Dec 22, 2022, 6:39 PM IST

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ দাবী(ST Demand) নস্যাৎ কৰি টুলুঙা মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰমোদ বড়োৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ এবছুৰ সভাপতি হৈ থকাৰ কালৰে পৰা প্ৰমোদ বড়োৱে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷

AKRSU protest
বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ

বৰপেটা, 22 ডিচেম্বৰ: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ(BTR Chief Promod Boro) বিৰুদ্ধে কোচ ৰাজবংশী ছাত্ৰ সন্থা, বৰপেটা জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ(AKRSU protest against Promod Boro) ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ দাবী(ST Demand) নস্যাৎ কৰি টুলুঙা মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰমোদ বড়োৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

আক্ৰাছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি অজয় বৰ্মনে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সকীয়ানি প্ৰদান কৰাৰ লগেত প্ৰমোদ বড়োক ৰাজনৈতিকভাবেও প্ৰত্যুত্তৰ দিবলৈ আক্ৰাছু সাজু হ’ব বুলি হুংকাৰ দিয়ে ৷ কেৱল সিমানেই নহয়, প্ৰমোদ বড়োৱে এবছুৰ সভাপতি হৈ থকাৰ কালৰে পৰা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷

ইফালে, প্ৰমোদ বড়োৱে কোচ ৰাজবংশীৰ ভোটেৰে নিৰ্বাচনত জয় লাভ কৰি কোচ ৰাজবংশীৰ জনজাতিকৰণৰ(ST Demand of Koch Rajbanshi) বিৰোধিতা কৰি অহা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আক্ৰাছুৰ বৰপেটা জিলাৰ সভাপতি অজয় বৰ্মনে ৷ অনাগত দিনত যদি প্ৰমোদ বড়োৱে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও সকিয়নি প্ৰদান কৰে ৷

এইদৰেই প্ৰমোদ বড়োৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত প্ৰমোদ বড়ো গ’বেক, প্ৰমোদ বড়ো হুচিয়াৰ, আক্ৰাছু জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে আক্ৰাছুৱে ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা অসমৰ 6 জনগোষ্ঠী(Assam six community) মৰাণ, মটক, আহোম, চুতীয়া, কোচৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু জনজাতিকৰণৰ এই দাবীক বাৰে বাৰে উপেক্ষা কৰি আহিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: Himanta Biswa Sarma meeting: শুকুৰবাৰে ধেমাজিলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.