ETV Bharat / state

চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

author img

By

Published : Sep 3, 2021, 4:40 PM IST

ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ছাগলী চোৰৰ ঘটনা ৷ শুকুৰবাৰে চাপৰৰ বিৰছামুণ্ডা ষ্টেডিয়ামৰ সন্মুখত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চাৰিটা কৈ গভাইত চোৰ ৷

Four goat thieves arrested in sapor bilasipara
চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

পূৱ বিলাসীপাৰা, ৩ ছেপ্টেম্বৰ : ছাগলী পালক সকল এতিয়াৰ পৰা সাৱধান হওঁক ৷ ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ছাগলী চোৰৰ ঘটনা ৷ শুকুৰবাৰে চাপৰৰ বিৰছামুণ্ডা ষ্টেডিয়ামৰ সন্মুখত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চাৰিটাকৈ গভাইত চোৰ ৷

স্থানীয় লোকে সদৰি কৰা মতে, চাপৰ চাহ বাগিচাৰ বিৰছামুণ্ডা ষ্টেডিয়ামত এপাল ছাগলীয়ে চৰি থকাৰ সময়তে এই চুৰিকাণ্ড সংঘটিত হৈছিল ৷ বিলাসী বাহনত আহিছিল চাৰিটাকৈ গভাইত চোৰ ৷ চোৰ কেইটাৰ নাম ক্ৰমে, ফিৰোজ হুছেইন, ছাহিনুৰ ৰহমান, পংকজ বৰ্মন আৰু ফৰিজুল হক।

চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

চোৰ কেইটাই প্ৰথমে জাক পাতি চৰি থকা ছাগলীখিনিক খোৱা বস্তু প্ৰদান কৰে ৷ খাবলৈ দিয়া চলেৰে চৰি থকা ছাগলীখিনিৰ মাজৰে দুটা ছাগলী ধৰি বাহনত তুলিবলৈ চেষ্টা কৰে চোৰ কেইটাই ৷ সেই সময়তে চুৰিকাণ্ডৰ সকলো দৃশ্য স্থানীয় এগৰাকী লোকে প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক: গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ

ইয়াৰ লগে লগে চুৰিকাণ্ড প্ৰত্যক্ষ কৰা লোকজনে স্থানীয় ৰাইজক খবৰ দিয়াত এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হয় অঞ্চলটোত ৷ স্থানীয় লোকে চোৰ কেইটাক আটক কৰা লগতে উত্তম মাধ্যম সুধাই ৷ চোৰ কেইটাই লৈ অহা বিলাসী বাহনখনৰো গ্লাছ ভাঙি চুৰমাৰ কৰে স্থানীয় লোকে ৷

চোৰ কেইটাৰ মাজৰ এটা চোৰ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি চোৰটোক কৰায়ত্ব কৰে বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত এই চুৰিকাণ্ডৰ সন্দৰ্ভত চাপৰ আৰক্ষীৰ থানাত খবৰ দিয়া হয় ৷ খবৰ লাভ কৰিয়ে ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষীৰ থানাৰ এটা দল ৷

ৰাইজে কৰায়ত্ব কৰা চোৰ কেইটাক চাপৰ আৰক্ষীক গতাই দিয়ে আৰু বৰ্তমান চোৰ কেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি সোধ-পোচ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ স্থানীয় লোকে অভিযোগ কৰা মতে, চাপৰৰ বিৰছামুণ্ডা ষ্টেডিয়াম সন্মুখত প্ৰায়ে ছাগলী চোৰৰ ঘটনা সংঘটিত হৈ আহিছে ৷ কৰায়ত্ব কৰা চোৰ কেইটাই পূৰ্বেও সেই স্থানত চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীত চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.