ETV Bharat / state

ধুবুৰীত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

author img

By

Published : Sep 2, 2019, 10:26 PM IST

ৰাষ্ট্ৰীয় পোষন মাহৰ উপলক্ষে ধুবুৰী জিলাত ধুবুৰী সদৰ চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা এখন সজাগতামূলক শোভাযাত্ৰাৰে মাহযোৰা কাৰ্যসূচী সূচনা

ধুবুৰীত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

ধুবুৰী, 2 ছেপ্তেম্বৰ : চৰ গ্ৰামাঞ্চলকে ধৰি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ঘৰে ঘৰে শিশু সকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰি সু-স্বাস্থ্যবান হৈ উঠে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ নিৰ্দেশনা অনুসৰি ধুবুৰী জিলাতো হাতত লৈছে পোষণ মাহৰ মাহযোৰা কাৰ্য্যসূচী । এই কাৰ্য্যসূচীৰ অংশ হিচাপে সোমবাৰে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা এখন সজাগতামূলক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয় ৷ ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোঁৱৰে শুভ উদ্বোধন কৰে এই শোভাযাত্ৰা ৷ উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত, জিলা অতিৰিক্ত উন্নয়ন আয়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ লগতে জিলা খনৰ বিভিন্ন অংগনবাদী কেন্দ্ৰৰ কৰ্মী আৰু নীতি আয়োগৰ অধীনস্থ পিৰামল ফাউণ্ডেচনৰ বিষয়ববীয়া সকল ৷ ঘৰে ঘৰে প্ৰতি গৰাকী শিশুৱে যাতে পুষ্টিকৰ খাদ্য লাভ কৰে সেই শ্লোগান লৈ ধুবুৰী সদৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে এই শোভাযাত্ৰাই ।

ধুবুৰীত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন
Intro:পোষণ মাহ উপলক্ষে আজি ধুবুৰীত এখন সজাগতামূলক শোভাযাত্ৰা। ধুবুৰীত আজিৰে পৰা আৰম্ভ হল পোষণ মাহৰ এমহযোৰা কাৰ্য্যসূচী।



Body:
চৰ গ্ৰামাঞ্চলকে ধৰি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ঘৰে ঘৰে শিশু সকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰি সু স্বাস্থ্যবান হৈ উঠে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি ধুবুৰী জিলাত আজিৰে পৰা আৰম্ভ হল পোষণ মাহৰ এমহযোৰা কাৰ্য্যসূচী। এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা এখন সজাগতামূলক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোঁৱৰে শুভ উদ্বোধন কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত, জিলা অতিৰিক্ত উন্নয়ন আয়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ লগতে জিলা খনৰ বিভিন্ন অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী আৰু নীতি আয়োগৰ অধীনস্থ পিৰামল ফাউণ্ডেচনৰ বিষয় ববীয়া সকল অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ঘৰে ঘৰে প্ৰতি গৰাকী শিশুৱে যাতে পুষ্টিকৰ খাদ্য লাভ কৰে সেই শ্লোগান লৈ ধুবুৰী সদৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে এই শোভাযাত্ৰাই।

Byte:- পূৰবী কোঁৱৰ, মুখ্য কাৰ্যবাহী বিষয়া, ধুবুৰী জিলা পৰিষদ।


Conclusion:উল্লেখযোগ্য যে, আজিৰ কাৰ্য্যসূচীৰ পিছত জিলা খনৰ প্ৰতিটো প্ৰান্তত এনে সজাগতামূলক শোভাযাত্ৰা উলিয়াই ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হব বুলি উল্লেখ কৰে জিলা প্ৰশাসনৰ ফালৰ পৰা।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.