ETV Bharat / state

হাত-ভৰিত লোৰ শিকলি; মানৱীয়তাৰ অপ-মৃত্যু !

author img

By

Published : Sep 23, 2021, 2:20 PM IST

death of huminity in dhuburi
হাত-ভৰিত লোৰ শিকলি লগোৱা এজন যুৱক

ধুবুৰীত এগৰাকী যুৱকক লৈ চাঞ্চল্য । লোৰ শিকলিৰে হাত-ভৰি বান্ধি এক প্ৰকাৰে জন্তুৰ দৰে ব্যৱহাৰ এজন যুৱকক ৷ কিন্তু কিয় ? এই ঘটনাক কেন্দ্ৰ কৰি পথচাৰীৰ মাজতো সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ধুবুৰী,23 ছেপ্তেম্বৰ: ঘটনাটো কেইদিনমান পূৰ্বৰ ৷ সকলো ব্যস্ত ৷ সকলোৱে কৰি গৈছে নিজৰ নিজৰ কাম ৷ কিন্তু তাৰ মাজতে হঠাৎ মাজ ৰাস্তাত লাগিল হোৱা-দোৱা ৷ মাজ ৰাস্তাতে এজন যুৱকক কেন্দ্ৰ কৰি সৃষ্টি হ’ল এক হুলস্থূলীয়া পৰিৱেশৰ ৷

হাত-ভৰিত লোৰ শিকলি লগোৱা এজন যুৱক

ঘটনাৰ স্থান ধুবুৰী ৷ ধুবুৰীৰ এগৰাকী ব্যক্তিৰ হাত-ভৰি বন্ধা আছে শিকলিৰে ৷ ভিডিঅ’ প্ৰতিবেদনত হাত-ভৰি বন্ধা দৃশ্যটো প্ৰত্যক্ষ কৰিলে নিশ্চয় আপুনিও কিছু সময়ৰ বাবে হৈ পৰিব বাকৰুদ্ধ ৷ শিকলিৰে হাত-ভৰি বন্ধা এই যুৱকজনৰ নাম হৈছে আছাদুল ৷

প্ৰকৃততে আছাদুল এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত এজন যুৱক ৷

জানিব পৰা মতে, বিগত প্ৰায় তিনি চাৰি বছৰ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছে আছাদুল ৷ মানসিক ৰোগী হোৱাৰ বাবেই সন্মুখলৈ অহা সকলোকে আক্ৰমণ কৰে আছাদুলে ৷ যাৰ বাবে পৰিয়াল তথা আত্মীয়ই আছাদুলক এনেকৈয়ে বান্ধি ৰাখিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

কিন্তু আপুনি জানি আচৰিত হ’ব, আছাদুলক চিকিৎসাৰ নামত চিকিৎসকৰ বিপৰীতে নিয়া হয় কবিৰাজৰ কাষলৈহে ৷ বৰ্তমান সময়ৰ চিকিৎসালয়ৰ চিকিৎসাৰ পৰিৱৰ্তে আছাদুলৰ পৰিয়াল তথা আত্মীয়ই প্ৰাধান্য দি আহিছে কবিৰাজকহে ৷ যাৰ বাবে হাত-ভৰি শিকলিৰে বান্ধি আছাদুলৰ ওপৰত এক প্ৰকাৰে নিৰ্মম অত্যাচাৰ চলাই আহিছে সকলোৱে ৷

আছাদুলৰ ওপৰত চলা অত্যাচাৰৰ দৃশ্য প্ৰত্যক্ষ কৰিলে দৃশ্যটোৱে স্বাভাৱিকতেই প্ৰতিগৰাকী হৃদয়বান লোকৰ অন্তৰ কঁপাই তুলিব ৷ চিকিৎসকৰ জৰিয়তে উন্নত চিকিৎসাৰ পৰিৱৰ্তে আছাদুলক হাত-ভৰি শিকলিৰে বান্ধি ৰখাটো কিমান যুক্তিসংগত ? কোনো চৰকাৰী-বেচৰকাৰী সংস্থা অথবা স্থানীয় সচেতন ব্যক্তিয়ে পদক্ষেপ লৈ এই নিৰক্ষৰ পৰিয়ালটোক সহায় কৰি আছাদুলৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগ বঢ়োৱাৰ কামনা কৰিছে সকলোৱে ৷

লগতে পঢ়ক: মহানগৰী আৰক্ষীৰ জালত দালালৰাজত জড়িত আমছুৰ স্বয়ম্ভূ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.