মহানগৰী আৰক্ষীৰ জালত দালালৰাজত জড়িত আমছুৰ স্বয়ম্ভূ সভাপতি

author img

By

Published : Sep 23, 2021, 10:20 AM IST

aamsu-president-arrested

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত দালালৰাজৰ(Land Broker) বিৰুদ্ধে কঠোৰ স্থিতি মহানগৰ আৰক্ষীৰ । এইবাৰ আৰক্ষীৰ জালত পৰিছে ইকবাল হুছেইন নামৰ এজন স্বয়ম্ভূ আমছুৰ সভাপতি । পঢ়ক এই বিশেষ প্ৰতিবেদন...

গুৱাহাটী, 23 ছেপ্তেম্বৰ : নিষিদ্ধ ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে এইবাৰ দালালৰাজৰ(Land Broker) ওপৰত ৰঙা চকু অসম আৰক্ষী(Assam Police)ৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যজুৰি চলা মাটিৰ দালাল বিৰোধী অভিযান অধিক তীব্ৰতৰ হৈ উঠিছে গুৱাহাটী মহানগৰীতো ।

আৰক্ষীৰ জালত পৰিছে ইটোৰ পাচত সিটো ভূ-মাফিয়া । মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে নিশা সাতগাঁৱৰ নোৱাপাৰাৰ চাইনী হেভেন নামৰ আৱাসিক ফ্লেটৰ পৰা স্বয়ম্ভূ আমছু(AAMSU)ৰ সভাপতিক আটক কৰে আৰক্ষীয়ে ৷ মাটিৰ দালাল কাৰ্যত জড়িত থকাৰ অভিযোগত ইকবাল হুছেইন নামৰ আমছুৰ সভাপতিজনক আটক কৰে সাতগাঁও আৰক্ষী(Satgaon Police)য়ে ৷

aamsu-president-arrested
আমছুৰ স্বয়ম্ভূ সভাপতি ইকবাল হুছেইনক আটক

লগতে পঢ়ক: Operation মাটিৰ দালাল: মুছলপুৰ-বৰমাত আটক 11 টা মাটিৰ দালাল

সভাপতি ইকবাল হুছেইনৰ বিৰুদ্ধে হোজাই থানাত ভাৰতীয় দণ্ডবিধিৰ 120(B)/406/409/420/468/47 ধাৰাৰ অধীনত 635/21 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল । আৰক্ষীয়ে সদৰী কৰা মতে, শয়ম্ভু আমছুৰ নেতাজনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি কৈ হোজাই অঞ্চলত বিভিন্ন লোকৰ মাটি দখল কৰি বিক্ৰী কৰি আহিছিল ।

আনকি মাটিৰ দালালি কাৰ্যত জড়িত থকাৰ বাবে আমছুৰ পৰা ইকবাল আহমেদক বহিষ্কাৰ কৰা হৈছিল । কিন্তু ভুলৰ শুধৰণি নকৰা ইকবাল হুছেইনে নিজকে আমছুৰ শয়ম্ভূ সভাপতি বুলি উল্লেখ কৰি বিভিন্ন দুষ্কাৰ্যত লিপ্ত হৈ পৰিছিল । ইকবালৰ বিৰুদ্ধে হোজাই থানাত গোচৰ ৰুজু হোৱাৰ পাচতেই আটকৰ পূৰ্বে তেওঁ গুৱাহাটীত আত্মগোপন কৰি আছিল বুলি আৰক্ষীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.