ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

author img

By

Published : Sep 22, 2021, 7:56 PM IST

ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

নগাঁৱত আটক ২২ মাটিৰ দালালৰ ২১ টা পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত । আটকাধীন এজন দালালৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা । নগাঁও আৰক্ষীৰ জালতপৰাৰ সম্ভাৱনা আৰু বহু দালালৰ ।

নগাঁও, 22 ছেপ্তেম্বৰ : অচিৰেই নগাঁও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বহু মাটিৰ দালালৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যজুৰি চলা মাটিৰ দালাল বিৰোধী অভিযানে এতিয়া হাহাকাৰ লগাইছে জালত নপৰা বহু দালালৰ লগতে দালালসকলক ৰক্ষণাবেক্ষণ দি অহা চক্ৰ বিষয়া লাট মণ্ডলসহ বহু বিষয়া কৰ্মচাৰীৰ মাজত ।

ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ

গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এতিয়া কম্পমান বহু ৰৌ-বৰালী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰ পৰ্যন্ত নগাঁৱত গ্ৰেপ্তাৰ হয় ২২ টা মাটিৰ দালাল । মঙলবাৰ পৰ্য্যন্ত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২২ টা অভিযুক্ত মাটিৰ দালালৰ এটাৰ দেহত ধৰা পৰিছে ক'ভিড- ১৯ ৰ অৱস্থিতি ।

ক'ভিড-১৯ত আক্ৰান্ত অভিযুক্তজনক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে আন ২১ জন অভিযুক্তক হাজিৰ কৰা হয় আদালতত । নগাঁও আদালতত হাজিৰ কৰাৰ অন্তত পুনৰ পাঁচদিনৰ আৰক্ষীৰ জিম্মাত লয় ২১ জনকৈ অভিযুক্ত মাটিৰ দালালক । নগাঁও আৰক্ষীয়ে পুনৰ পাঁচদিনৰ বাবে নিজৰ জিম্মাত লৈ আৰু অধিক দালালৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান ।

আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে ২১ জনকৈ অভিযুক্ত মাটিৰ দালালক । ধৃত দালালসকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ খবৰ পায়েই দালালসকলৰ পৰা ধনৰ ভাগ পোৱা বিষয়া, কৰ্মচাৰীৰ এতিয়া উজাগৰী নিশা কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, ৰূপহী ৰাজহ চক্ৰৰ অধীনৰ তিনিজনকৈ দালাল ইতিমধ্যেই জালত পৰাৰ পিছত আৰু বহু ৰৌ-বৰালীও শংকিত জালত পৰাৰ ভয়ত । ৰূপহীহাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত পূৰ্বৰ চক্ৰ বিষয়াৰ ছত্ৰ ছাঁয়াত চাৰি পাঁচ জনীয়া এটা দালাল চক্ৰই সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । চক্ৰ বিষয়া কাৰ্যালয়টোত দালাল সৃষ্টি কৰা মূল অভিযুক্তগৰাকীৰ লগতে আন দালালসকল জালত পৰিব নে নাই তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন মহলত ।

লগতে পঢ়কঃ অসমত ৰাজ্যসভা নিৰ্বাচন নহয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.