ETV Bharat / state

Loksabha election 2024: কংগ্ৰেছে কৰা ভুলৰ ফল অসমৰ সংখ্যালঘু ৰাইজে ভূগিছে: বদৰুদ্দিন আজমল

author img

By

Published : Jan 10, 2023, 1:18 PM IST

সমাগত ২৪ৰ লোকসভা নিৰ্বাচন (Loksabha election 2024) ৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰতিশ্ৰুতিৰ বন্যাৰে ভোটাৰৰ মন ভোলাবলৈ নিজ নিজ সমষ্টিত পুনৰ ব্যস্ত হ’বলৈ আৰম্ভ কৰিছে প্ৰতিগৰাকী ৰাজনৈতিক নেতা ৷ এনে এক লক্ষ্যৰেই সোমবাৰৰ নিশা বিলাসীপাৰাত উপস্থিত হ’ল ধুবুৰীৰ স্থানীয় সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল (AIUDF MP Badruddin Ajmal IN Dhubri) ৷

AIUDF MP Badruddin Ajmal IN Dhubri
সমষ্টিবাসীৰ ওচৰত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

সমষ্টিবাসীৰ ওচৰত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

ধুবুৰী, 10 জানুৱাৰী: ২৪ ৰ লোকসভা নিৰ্বাচনj দিন সমাগত হোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত লাহে লাহে ব্যস্ততা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ স্থানীয় সাংসদ মৌলানা বদৰুদ্দিন আজমলো (AIUDF mp Badruddin Ajmal) ৷ নিশা তেখেতৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰাত উপস্থিত হৈ ভোটাৰৰ সৈতে মত বিনিময় কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।

২৪ ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ বাকী । সম্প্ৰতি ২৪ ৰ লোকসভা নিৰ্বাচনক লৈ এক প্ৰকাৰ সাজু হোৱা পৰিলক্ষিত হৈছে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল । গাদী নিগাজী কৰাৰ স্বাৰ্থত এতিয়া দিন-ৰাতি একাকাৰ কৰি ভোটাৰ ৰাইজৰ খবৰ লোৱাত ব্যস্ত বদৰুদ্দিন আজমল ।

দেওবাৰে নিশা তেখেতৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰাত উপস্থিত হৈ ভোটাৰৰ সৈতে মত বিনিময় কৰিলে সাংসদগৰাকীয়ে (AIUDF MP Badruddin Ajmal IN Dhubri)। ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে সাংসদ গৰাকীয়ে । কংগ্ৰেছে কৰি থৈ যোৱা ভুলৰ ফল অসমৰ সংখ্যালঘু ৰাইজে ভূগিছে বুলি উল্লেখ কৰে ধুবুৰীৰ সাংসদগৰাকীয়ে । মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদৰ পৰা আৰম্ভ কৰি সংখ্যালঘু তথা মুছলমান ৰাইজে সন্মুখীন হোৱা সকলোবোৰ সমস্যাৰ বাবে কেৱল দায়ী কংগ্ৰেছ বুলি উল্লেখ কৰে (Ajmal criticizes congress)। কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাকো তীব্ৰ সমালোচনা কৰে আজমলে (Ajmal criticizes bharat jodo jatra) ।

উল্লেখ্য যে আজমলৰ ১৫ বছৰীয়া সাংসদ কালত ধুবুৰী লোকসভা সমষ্টিত হোৱা উন্নয়নমূলক কাম-কাজক লৈ সমালোচনাৰ সন্মুখীন হৈছে মৌলানা বদৰুদ্দিন আজমল । সেয়েহে আসন্ন ২৪ ৰ লোকসভা নিৰ্বাচনক লৈ পূৰ্বৰ দৰে একেই পৰিকল্পনা ৰচনা কৰিছে নেকি মৌলানা বদৰুদ্দিন আজমলে ? তাকলৈয়ো চলিছে ব্যাপক চৰ্চা । কিয়নো ২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যেই নিৰ্বাচনী পথাৰত নামিছে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে । প্ৰশ্ন হৈছে এইবাৰো সাধাৰণ জনতাক জৰা-ফুকা, ধৰ্মীয় আৰু প্ৰতিশ্ৰুতিৰ ৰাজনীতিৰ মিছা অমৃত খোৱাই ভোট ল'ব নেকি মৌলানা বদৰুদ্দিন আজমলে অথবা এই ৰণনীতিৰে আজমলে এইবাৰো নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব ?

উল্লেখ্য যে, নিৰ্বাচন আহিলেহে নিজ সমষ্টিৰ কথা মনত পৰে তিনিবাৰৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ । নিৰ্বাচনৰ দিন চমু চাপি আহিলে ধূমকেতুৰ দৰে সমষ্টিত পৰ্দাপন কৰে মৌলানা বদৰুদ্দিন আজমলে । প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিজ সমষ্টিত উপস্থিত হৈ মিছা প্ৰতিশ্ৰুতিৰে চৰ-অঞ্চলৰ মানুহৰ পৰা ভোট ভিক্ষা কৰি নিকৃষ্ট ৰাজনীতিৰে গাদী ৰক্ষা কৰি অহা মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টি এইবাৰ নিজৰ হাতত থাকিব নে নাথাকে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Ambulance crashed in Barpeta: ৰোগী আনি থকাৰ অৱস্থাতে এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.