ETV Bharat / state

AIUDF Chief Badruddin Ajmal: আকৌ আহিল নিৰ্বাচন, আৰম্ভ হ’ল আজমলৰ জৰা-ফুকাৰ ৰাজনীতি

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:31 PM IST

Updated : Oct 24, 2023, 8:16 PM IST

AIUDF Chief Badruddin Ajmal
আৰম্ভ হ’ল আজমলৰ জৰা-ফুকাৰ ৰাজনীতি

নিৰ্বাচনী বতাহ বলিল কি নবলিল, বদৰুদ্দিন আজমলে পানীত ফু মাৰিবলৈ আৰম্ভ কৰিলেই ৷ মঙলবাৰে ধুবুৰীৰ এক সভাত AIUDF প্ৰধানগৰাকীয়ে অংশগ্ৰহণ কৰা এক কৰ্মীসভাৰ মঞ্চত দেখা গ’ল শাৰী শাৰীকৈ পানীৰ বটল ৷

আৰম্ভ হ’ল আজমলৰ জৰা-ফুকাৰ ৰাজনীতি

ধুবুৰী, ২৪ অক্টোবৰ : এখন কৰ্মী সভাত ব্যস্ত সাংসদ বদৰুদ্দিন আজমল ৷ সন্মুখত থোৱা আছে শাৰী-শাৰী, ভিন্ন আকাৰৰ পানীৰ বটল । উক্ত দৃশ্য দেখা গ’ল ধুবুৰীৰ বন্দিহানা অঞ্চলত মঙলবাৰে অনুষ্ঠিত আজমলৰ এখন কৰ্মীসভাত। পুনৰ আৰম্ভ হ’ল সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ জৰা-ফুকাৰ ৰাজনীতি ৷ পানীৰ বটলত ফুঁ মাৰি মন্ত্ৰপূত পানীৰে ৰোগ আৰোগ্য কৰাৰ বাবে নিৰ্বাচনৰ আগে আগে প্ৰত্যেকবাৰেই চৰ্চালৈ মাজলৈ আহে আজমল ৷ এইবাৰো হোৱা নাই ব্যতিক্ৰম ৷

আগন্তুক লোকসভা নিৰ্বাচনক লৈ নিজৰ ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদিনে ব্যস্ত হৈ পৰিছে সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷ মঙলবাৰে AIUDFৰ এখন কৰ্মীসভা আয়োজন কৰা হৈছিল ধুবুৰীৰ বিৰশিং জৰুৱা জিলি কমিটিৰ সৌজন্যত বন্দিহানা ভাংগাৰ বজাৰত ৷ তাতেই দেখা গ’ল মঞ্চত উপৱিষ্ট বদৰুদ্দিন আজমলক আৰু আজমলৰ সন্মুখত দেখা গ’ল শাৰী শাৰী পানীৰ বটল ৷

ইফালে পেণ্ডেলত শতাধিক সংখ্যালঘু দলীয় কৰ্মী-ভোটাৰ । তাৰ মাজতে কোনোবাই শ্ল’গান দিছে- ইনকিলাব জিন্দাবাদ ৷ দেখা গৈছে শ শ লোক ৰৈ আছে, আজমলে জৰা-ফুকা কৰি ফু মাৰি দিয়া পানী লৈ যাবলৈ ৷ এক কথাত নিৰ্বাচনৰ সময়ত আজমল য’ত, তাতে আবিৰ্ভাৱ ঘটে আজমলৰ ফুঁ মাৰি দিয়া মন্ত্ৰপুত পানীৰ মায়াজাল ৷

‘বিশ্বাসে মিলয় হৰি’ বাক্যশাৰীকে সৰোগত কৰি বছৰৰ পাছত বছৰ ধৰি অশিক্ষিত অন্ধবিশ্বাসী ভোটাৰসকলক এইদৰে ফু-মৰা পানীৰে নিৰ্বাচনৰ সময়ত আভুৱা ভৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ একাংশ অশিক্ষিত-অৰ্ধ শিক্ষিত সংখ্যালঘু লোকৰ মাজত বিশ্বাস যে মৌলানা আজমলে ফুঁ মাৰি দিয়া পানীৰে বিভিন্নজনৰ ৰোগ আদিৰ লগতে বিপদ-বিঘিনি নাশ হয় ৷ এককথাত এইবাৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীৰ বন্দিহানাৰ পৰা আৰম্ভ হ’ল জৰা-ফুকাৰ ৰাজনীতিৰ ৷

লগতে পঢ়ক: MP Badruddin Ajmal : মুছলমানৰ উন্নতিৰ বাবে কংগ্ৰেছে একো নকৰাৰ অভিযোগ আজমলৰ

Last Updated :Oct 24, 2023, 8:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.