ETV Bharat / state

MP Badruddin Ajmal : মুছলমানৰ উন্নতিৰ বাবে কংগ্ৰেছে একো নকৰাৰ অভিযোগ আজমলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:37 PM IST

MP Badruddin Ajmal
সাংসদ বদৰুদ্দিন আজমলৰ সংবাদমেল

ধুবুৰীত উপস্থিত হৈ সাংসদ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য । মুছলমান প্ৰসংগত আজমলে কৰাৰ মন্তব্যৰ পাচতেই সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত আজমলে কংগ্ৰেছ আৰু বিজেপিক আক্ৰমণ কৰি কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য ।

সাংসদ বদৰুদ্দিন আজমলৰ সংবাদমেল

ধুবুৰী, 23 অক্টোবৰ : নিজৰ স্থিতিত এতিয়াও অটল বদৰুদ্দিন আজমল । দুদিন পূৰ্বে সাংসদ আজমলে এখন জনসভাত নিজৰ ভাষণ প্ৰসংগত বিভিন্ন অপৰাধ সৈতে জড়িত হৈ পৰা একাংশ মুছলমান লোকক টাৰ্গেট কৰি সমালোচনা কৰিছিল । তাৰ পাচতেই বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

তেনে সময়তে আজি ধুবুৰীত উপস্থিত হৈ কংগ্ৰেছ আৰু বিজেপিক তুলা-ধুনা দিলে সাংসদ বদৰুদ্দিন আজমলে । আজমলে কয়- ‘‘মুছলমানৰ হকে মাত মতাৰ আমাৰ হক আছে । মই মাত মাতিয়েই যাম । মুছলমান জাতি পিছপৰাৰ বাবে একমাত্ৰ জগৰীয়া কংগ্ৰেছ । বিগত ৭০ বছৰে কংগ্ৰেছে মুছলমানৰ বাবে একো কৰা নাই ।’’

আনহাতে মুছলমানক লৈ অপমানসূচক মন্তব্য কৰা বুলি ৰাজ্যসভাৰ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কৰা সমালোচনাৰ প্ৰত্যুত্তৰত আজমলে কয়- ‘‘ বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে মাত নামাতে নেকি? মুখ্যমন্ত্ৰীয়ে নিজে মুছলমানৰ বিৰুদ্ধে বহু কৈ থাকে । আজি কৈ দিছোঁ বিজেপিক কেতিয়াও মিঞাৰ ভোট নিদিওঁ ।’’

আনপিনে লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰে বাৰখন আসন পাব বুলি কোৱাৰ প্ৰত্যুত্তৰত আজমলে কয়- ‘‘কেৱল ডক্টৰেট ডিগ্ৰী ল’লেই নহ’ব । হয় বাৰ, নহ’লে তেৰ হ’ব লাগিব । চাৰে বাৰ কেতিয়াও নহয় । বৰ্তমান মুখ্যমন্ত্ৰীয়ে বহুত উল্টা-পুল্টা কথা কয় । মুখ্যমন্ত্ৰী অলপ টেনচনত আছে । কেতিয়াবা পত্নীক লৈ বিতৰ্ক হয় ।’’

আনহাতে এয়া আজমলৰ ৰাজনৈতিক মন্তব্য বুলি কৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজমলৰ DNA টেষ্ট কৰিবলৈ কোৱা প্ৰসংগত আজমলে কয়- ‘‘তেখেতৰ DNA টেষ্ট কৰাওক । তেখেতৰ DNA টেষ্ট কৰিলে থাইলেণ্ড, বাইলেণ্ড, জাপান আদি ওলাব । কিন্তু আজমলৰ DNA টেষ্ট কৰিলে অসম ওলাব ।’’ লগতে আজমলে কংগ্ৰেছক উদ্দেশ্যি পুনৰ কয়- ‘‘মুছলমান জাতিৰ এই অৱস্থা হৈছে একমাত্ৰ কংগ্ৰেছ চৰকাৰৰ বাবে । আছুৱে আমাক বাংলাদেশী সজোৱা নাই । আমাক বাংলাদেশী সঁজাইছে শইকীয়া চৰকাৰে । গগৈ চৰকাৰে ডি ভোটাৰ এন আৰ চিত নাম উঠাইছে । শইকীয়া আৰু গগৈয়ে কৰিছে এইবোৰ । বিধানসভাৰ মজিয়াত শইকীয়াই প্ৰথমে বিদেশী থকা বুলি কৈছিল । শইকীয়া আৰু গগৈ চৰকাৰৰ দিনত মুছলমান এলেকাত কিয় নহ’ল স্কুল, কলেজ, ইউনিভাৰ্চিটি? কিয় নহ’ল ৰাস্তা-ঘাট? ইয়াৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া কংগ্ৰেছ ।’’

অৱশ্যে হিন্দু-মুছলমানৰ ৰাজনীতি নকৰিবলৈ আজমলে পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীক । লগতে আজমলে কৰা মন্তব্যক লৈও ৰাজনীতি আৰম্ভ হোৱা বুলিও দাবী আজমলৰ । উল্লেখ্য যে, সম্প্ৰতি তিনি-চাৰিদিনীয়া কাৰ্যসূচী লৈ সমষ্টিৰ চুকে-কোণে ঘূৰি দলৰ ভেটি মজভূত কৰাত ব্যস্ত সাংসদ বদৰুদ্দিন আজমল ।

লগতে পঢ়ক : Badruddin Ajmal Controversy: মুছলমান সন্দৰ্ভত আজমলৰ মন্তব্যক সমৰ্থন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.