ETV Bharat / state

Badruddin Ajmal Controversy: মুছলমান সন্দৰ্ভত আজমলৰ মন্তব্যক সমৰ্থন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:02 PM IST

Badruddin Ajmal Controversy
আজমলৰ মন্তব্যক সমৰ্থন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই

বদৰুদ্দিন আজমলে কিয় ক’লে সেয়া নাজানে পীযুষ হাজৰীকাই ৷ তথাপিও আজমলে কোৱা কথাখিনি সমৰ্থন কৰিছে মন্ত্ৰী হাজৰীকাই ৷ যিহেতু পীযুষ হাজৰীকা আদিয়ে আগতে কৈয়েই থাকে, কিন্তু মানুহেহে ৰাজনৈতিক কথা বুলি ভাবিছিল ৷

আজমলৰ মন্তব্যক সমৰ্থন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই

গুৱাহাটী, ২২ অক্টোবৰ : মুছলমানৰ সন্দৰ্ভত এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতি সহমত প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । উল্লেখ্য, সাংসদ বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল যে ঠগ, প্ৰবঞ্চনাত এক নম্বৰত আছে মুছলমানসকল । কেৱল সেয়াই নহয় চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাততো মুছলমানসকল এক নম্বৰত আছে বুলি মন্তব্য কৰিছিল আজমলে ।

আজমলে আনকি কৈছিল যে মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী । আনৰ ছোৱালী দেখিলে মুছলমানৰ তেজ গৰম হয় । নগৰবেৰাৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কৈছিল সাংসদ আজমলে । আজমলৰ এই মন্তব্য সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে আজমলৰ আত্মনিৰীক্ষণ হৈছে । আজমলে কোৱা কথাটো মিছা নহয় বুলি সদৰী কৰি তেওঁ কয়- ‘‘আমি আগৰে পৰা কৈ আহিছিলোঁ, আমি ক'লে বেয়া পায় ।’’

চোৰ-ডকাইত মানেই মুছলমান বুলি সদৰী কৰি তেওঁ কয় যে সকলো নহ’লেও চুৰি-ডকাইতিৰ ৮০ শতাংশতেই মুছলমান পোৱা যায় । আগতে কওঁতে ৰাজনৈতিক কথা বুলি কৈছিল । তেওঁ লগতে কয় যে বহু আগৰ পৰা কৈ অহা হৈছে যে মুছলমানত হিংসা, হত্যা, ধৰ্ষণ, ডকাইতি বৃদ্ধি পাইছে । এইটো নতুন কথা নহয় । তেওঁলোকৰ মাজত যে এইটো চিন্তাৰ উদয় হৈছে তথা আত্মনিৰীক্ষণ হৈছে ভাল কথা বুলি তেওঁ কয় ।

সাংসদ আজমলে এইটো কথা কিয় কৈছে তেওঁ নাজানে বুলি সদৰী কৰি কয় যে তেওঁলোকৰ সমাজখন ভাল হোৱাটো আমি বিচাৰোঁ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰীকাই কয় যে এ আই ইউ ডি এফৰ লগত বিজেপিয়ে কেতিয়াও আপোচ নকৰে । তেওঁলোক যদি পশ্চিমফালে আছে, তেন্তে আমি পূবফালে আছোঁ বুলি তেওঁ কয় । হাজৰীকাই লগতে কয় যে আচলতে অপবাদ জাপি দিব বিচৰাসকলেহে এ আই ইউ ডি এফৰে মিলি থাকে ।

লগতে পঢ়ক : Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলে কৰা মুছলমানৰ চৰিত্ৰ বিচাৰৰ বিৰুদ্ধে সাংসদ খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.