ETV Bharat / state

Badruddin Ajmal Controversy: বদৰুদ্দিন আজমলে কৰা মুছলমানৰ চৰিত্ৰ বিচাৰৰ বিৰুদ্ধে সাংসদ খালেক

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 8:06 PM IST

Badruddin Ajmal Controversy
আজমলৰ মন্তব্যৰ সন্দৰ্ভত খালেক

‘‘ছোৱালী দেখিলে প্ৰকৃত মুছলমানে ‘ভগ্নী’ বুলি ভাবে ৷ আজমল চাহাবে কোন মুছলমানৰ কথা কৈছে মই নাজানো ৷’’- এই মন্তব্য সাংসদ আব্দুল খালেকৰ ৷ এদিন পূৰ্বে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে মুছলমান সমাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পাছতেই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খালেকে ৷

আজমলৰ মন্তব্যৰ সন্দৰ্ভত খালেক

জনিয়া, 22 অক্টোবৰ : এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া এক বিতৰ্কিত মন্তব্যই জোঁকাৰণিৰ সৃষ্টি কৰিছে মুছলমান সমাজত ৷ খোদ নিজৰ সমাজখনৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি একপ্ৰকাৰে ৰোষত পৰিছে সাংসদগৰাকী ৷ আজমলৰ উক্ত মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে বিশেষকৈ ইজনৰ পাছত সিজন ঈছলাম ধৰ্মাৱলম্বী ৰাজনৈতিক নেতাই ৷

উল্লেখ্য, এদিন পূৰ্বে এক সভাত অংশগ্ৰহণ কৰি মন্তব্য কৰিছিল যে আনৰ ছোৱালী দেখিলে মুছলমানৰ তেজ গৰম হয় ৷ মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে আনৰ ছোৱালী যাব নোৱাৰে বুলি মন্তব্য কৰাৰ উপৰিও তেওঁ কয় যে চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাতৰ ঘটনাত এক নম্বৰত আছে মুছলমান ৷ কেৱল সিমানেই নহয়, ল’ৰাৰ সমান্তৰালকৈ মুছলিম ছোৱালীও বদমাচ বুলিও মন্তব্য কৰি তেওঁ কয় যে ল’ৰা দেখিলে মুছলমান ছোৱালীয়ে সুহুৰি বজায় ৷ ধুবুৰীৰ সাংসদগৰাকীয়ে নগৰবেৰাত কৰা এনে মন্তব্যৰ পাছত স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

সাংসদগৰাকীৰ উক্ত বিতৰ্কিত মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী সাংসদ আব্দুল খালেকে ৷ তেওঁ কয় যে প্ৰকৃত মুছলমান লোক বদৰুদ্দিন আজমলে কোৱাৰ দৰে নহয় ৷ বৰঞ্চ সাংসদ আজমলৰ লগতহে চোৰ, ডকাইত আদি আছে চাগে বুলি মন্তব্য কৰে আব্দুল খালেকে । সাংসদগৰাকীয়ে লগতে লগতে কয় যে আজমলৰ চৌপাশে যিসকল থাকে হয়তো তেওঁলোকৰহে আনৰ ছোৱালী দেখিলে তেজ গৰম হয়, সেইকাৰণে বদৰুদ্দিন আজমলে তেনেকৈ কৈছে ৷

বদৰুদ্দিন আজমলৰ মন্তব্যৰ বিৰোধিতা কৰি সাংসদ খালেকে কয়- ‘‘মই দেখা মুছলমান যুৱকসকল তেনেকুৱা নহয়, তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰে । এইক্ষেত্ৰত সামগ্ৰীকভাৱে মুছলমান সমাজখনে বিচাৰ কৰিব । কিন্তু দুই-এজন বেয়া সকলোতে থাকে ৷ সেয়া হিন্দু সম্প্ৰদায়তো আছে মুছলমান সম্প্ৰদায়তো আছে ৷

লগতে পঢ়ক : Shiladitya Dev : বদৰুদ্দিন আজমলক ভূ-মাফিয়া আখ্যা শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.