Shiladitya Dev : বদৰুদ্দিন আজমলক ভূ-মাফিয়া আখ্যা শিলাদিত্য দেৱৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:40 PM IST

thumbnail

হোজাই, 14 অক্টোবৰ : সাংসদ বদৰুদ্দিন আজমলক আক্ৰমণ অসম প্ৰদেশ সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ ৷ ভাল কামৰ আঁৰত আওপকীয়াকৈ বদৰুদ্দিন আজমলে ভূ-মাফিয়াগিৰি কৰি আছে বুলি অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিজেপি নেতাজন ৷  

দুখীয়া মানুহক অত্যাচাৰ কৰি আজমলে মৰিয়ম কলেজ নিৰ্মাণ কৰিছে বুলি অভিযোগ কৰে শিলাদিত্য দেৱে ৷ আজমলে গুণ্ডা বাহিনীৰ সম্পূৰ্ণ তালিকা উলিয়াইছে বুলি মন্তব্য কৰে নেতাজনে ৷ মাটি দখল কৰা ওৱাহিদ ওৰফে মাণিক তালুকদাৰ কোন বুলিও প্ৰশ্ন কৰে শিলাদিত্য দেৱে ৷ লগতে তেওঁ আজমলৰ দখলত থকা মাটি নিশ্চিতভাবে উদ্ধাৰ কৰি সেই মাটিত চৰকাৰী কার্যালয় নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে ৷ 

লগতে পঢ়ক : Ranjit Kumar Dass slams Congress: নিৰ্বাচনক ফুটবল খেল বুলি ভাবিছে কংগ্ৰেছে: ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.