ETV Bharat / state

বিলাসীপাৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা

author img

By

Published : Feb 6, 2021, 10:46 AM IST

AGP Meeting in bilasipara dhubri assam etv bharat news
বিলাসীপাৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা

অসম গণ পৰিষদ দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি ৷ দলটোৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে এই সম্পৰ্কে শুকুৰবাৰে বিলাসীপাৰাত এক মত বিনিময় সভাত মিলিত হয় ৷

পশ্চিম বিলাসীপাৰা,6 ফেব্ৰুৱাৰী: অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা চলিছে অসম গণ পৰিষদ দলৰ মাজত ৷ সম্প্ৰতি অস্তিত্বৰ সংকটত ভূগি থকা দলটোৰ সাংগঠনিক দিশটো টনকিয়াল কৰাৰ বাবে উঠিপৰি লাগিছে অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ ৷ শুকুৰবাৰে বিয়লি দলটোৰ সাংগঠনিক দিশ মজবুত কৰাৰ লক্ষ্যৰে বিলাসীপাৰাত উপস্থিত হয় কেন্দ্ৰীয় যুৱ পৰিষদৰ উপ সভাপতি বিকাশ ৰঞ্জন দাস, সাধাৰণ সম্পাদক প্ৰবাল বুজৰবৰুৱা ৷ নেতাদ্বয়ে বিলাসীপাৰাৰ নাথ-যোগী সন্মিলনীৰ কাৰ্যালয়ত উপস্থিত হৈ স্থানীয় দলীয় নেতা-কৰ্মীৰ সৈতে এক মত বিনিময় সভাত মিলিত হয় ৷

বিলাসীপাৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা

উল্লেখ্য যে, এই সভাত উপস্থিত আছিল পূৱ বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক, পশ্চিম বিলাসীপাৰা বিধান পৰিষদৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন আদিকে ধৰি বহুকেইজন স্থানীয় নেতা ৷ মূলতঃ দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় এই আলোচনাৰ জৰিয়তে ৷ কেন্দ্ৰীয় যুৱ পৰিষদৰ উপ সভাপতি বিকাশ ৰঞ্জন দাসে সমাগত নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অগপ দলে 50 শতাংশ আসন সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰিব বুলি এই আলোচনাতে ব্যক্ত কৰে ৷

লগতে চাওকঃ ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.